বলবৎকাৰী সঞ্চালকালয় (ইডি) কোনো ‘ছুপাৰ কপ’ বা একচ্ছত্ৰী ক্ষমতাৰ অধিকাৰী নহয় যে যিটো তেওঁলোকৰ চকুত পৰে তাৰেই তদন্ত আৰম্ভ কৰিব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানত এই কথা স্পষ্ট কৰি দিছে।
আদালতে স্পষ্ট কৰি দিছে যে যদি কোনো কাৰণত মূল অপৰাধ বা ‘প্ৰেডিকেট অফেন্স’ৰ গোচৰ খাৰিজ কৰা হয়, তেন্তে ইডিয়ে ধন সৰবৰাহৰ প্ৰতিৰোধ আইন বা পিএমএলএৰ অধীনত তদন্ত আৰু অব্যাহত ৰাখিব নোৱাৰে।
একে সময়তে আদালতে কৈছে যে তালিকাভুক্ত অপৰাধৰ তথ্য স্থানীয় আৰক্ষী বা কৰ্তৃপক্ষক জনোৱাৰ পিছত যদি তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ইডিয়ে নিজাববীয়াকৈ দণ্ডাধীশৰ আদালতলৈ গৈ কাৰো বিৰুদ্ধে ব্যক্তিগত অভিযোগ বা ‘প্ৰাইভেট কমপ্লেইন্ট’ দাখিল কৰি তদন্তৰ বাবে অনুৰোধ কৰিব নোৱাৰে।
কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম আই অৰুণে কংগ্ৰেছ নেতা কে ৱাই নাঞ্জে গৌড়া আৰু অন্যান্যৰ বিৰুদ্ধে ইডিৰ ধন সৰবৰাহৰ গোচৰ খাৰিজ কৰি এই পৰ্যবেক্ষণ দাঙি ধৰে। একে সময়তে আদালতে ইডিক আবেদনকাৰীৰ পৰা জব্দ কৰা সকলো সামগ্ৰী ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে।
বিচাৰপীঠে স্পষ্টভাৱে উল্লেখ কৰিছে যে পিএমএলএ আইনৰ ধাৰা ৬৬(২)ৰ অধীনত যদি ইডিৰ হাতত অনুসূচিত অপৰাধৰ পৰিসৰৰ অন্তৰ্গত কোনো তথ্য বা নথি আছে তেন্তে ইয়াক সংশ্লিষ্ট তদন্তকাৰী সংস্থালৈ প্ৰেৰণ কৰিব লাগিব। কিন্তু এই আইনখনে ইডি বা ইয়াৰ বিষয়াসকলক কোনো অনুসূচিত অপৰাধৰ বিৰুদ্ধে ব্যক্তিগত অভিযোগ দাখিল কৰাৰ আৰু তাৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে পিএমএলএৰ অধীনত তদন্ত আৰম্ভ কৰাৰ কোনো ক্ষমতা নিদিয়ে।
আদালতে লগতে স্পষ্ট কৰি দিয়ে যে পিএমএলএ আইনৰ অধীনত ইডিৰ ক্ষমতা মৌলিক নহয়, বৰঞ্চ মূল গোচৰৰ ওপৰত নিৰ্ভৰশীল। ইডিয়ে কেৱল ধন সৰবৰাহৰ সন্দেহত নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিব নোৱাৰে। যদিহে মূল অপৰাধৰ অস্তিত্ব নাথাকে, তেন্তে পিএমএলএ আইনৰ অধীনত কোনো ধৰণৰ কাৰ্য্যবিধি গ্ৰহণ কৰিব নোৱাৰিব। ন্যায়াধীশ অৰুণে জোৰ দি কয় যে আইন-শৃংখলা ৰক্ষা কৰাটো কেন্দ্ৰৰ নহয়, ৰাজ্যৰ দায়িত্ব আৰু ইডিৰ জৰিয়তে ব্যক্তিগত অভিযোগ দাখিল কৰাৰ কোনো ব্যৱস্থা পিএমএলএ আইনত নাই।
কংগ্ৰেছ নেতা নাঞ্জে গৌড়া যেতিয়া কোলাৰ জিলাৰ মালুৰৰ ভূমি অনুদান সমিতিৰ অধ্যক্ষ আছিল তেতিয়া তেওঁ আৰু কমিটীৰ আন সদস্যসকলে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি প্ৰায় ৩৮ জন লোকক ৮০ একৰ মাটি অবৈধভাৱে আবণ্টন দিয়াৰ পৰামৰ্শ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। ২০২২ চনত সমাজ কৰ্মী কে চি ৰাজান্নাই বেংগালুৰুৰ মুখ্য মহানগৰ দণ্ডাধীশ আদালতত গৌড়া আৰু অন্যান্যসকলৰ বিৰুদ্ধে ব্যক্তিগত অভিযোগ দাখিল কৰিছিল। তাৰ আধাৰত ভাৰতীয় দণ্ডবিধিৰ ৪৬৮, ৪৬৪, ৪৬৫, ৪৭১, ৪২০ আৰু ১২০বি ধাৰাত গোচৰ ৰুজু কৰা হয়।
পিছত গৌড়াক কোলাৰ আৰু চিক্কাবল্লাপুৰ মিল্ক ইউনিয়ন লিমিটেড (KOMUL)ৰ অধ্যক্ষ নিযুক্তি দিয়া হয়। পূৰ্বৰ গোচৰটোক মূল অপৰাধ হিচাপে লৈ ইডিয়ে ২০২৩ চনত তদন্ত আৰম্ভ কৰি এজাহাৰ দাখিল কৰে। তদন্তৰ সময়ত ইডিয়ে কিছুমান নথি-পত্ৰ পাইছিল যিবোৰ তেওঁলোকৰ মতে কোমুলৰ নিযুক্তি দুৰ্নীতি বা ‘চাকৰি দুৰ্নীতিৰ গোচৰ’ৰ সৈতে জড়িত আছিল। ইডিয়ে সেই তথ্য পিএমএলএ আইনৰ ধাৰা ৬৬(২)ৰ অধীনত স্থানীয় আৰক্ষীৰ সৈতে শ্বেয়াৰ কৰিছিল।
ইয়াৰ মাজতে যোগ্য কৰ্তৃপক্ষৰ পৰা অনুমোদন নোপোৱাৰ বাবে আৰু গোচৰৰ অনুচিত আচৰণৰ বাবে আদালতে মূল ভূমি দুৰ্নীতিৰ গোচৰটো খাৰিজ কৰে। আনহাতে, নিযুক্তিৰ দুৰ্নীতি সন্দৰ্ভত ইডিয়ে স্থানীয় আৰক্ষীক দিয়া তথ্য সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা নাছিল। ইয়াৰ পিছত ২০২৪ চনত ইডিয়ে নিজেই আদালতত ব্যক্তিগত অভিযোগ দাখিল কৰি নিযুক্তিৰ দুৰ্নীতিৰ তদন্ত দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত লোকায়ুক্ত আৰক্ষীক গতাই দিবলৈ অনুৰোধ জনায়।
শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাই যুক্তি দিছিল যে এবাৰ মূল গোচৰটো বন্ধ হৈ গ’লে—গুণাগুণৰ ভিত্তিতেই হওক বা প্ৰযুক্তিগত কাৰণতেই হওক—ইডিয়ে পিএমএলএৰ অধীনত আৰু তদন্ত কৰিব নোৱাৰে। ইডিয়ে প্ৰত্যুত্তৰত দাবী কৰে যে মূল গোচৰৰ ভিত্তিত এবাৰ তদন্ত আৰম্ভ হ’লে পিছত কাৰিকৰী ভিত্তিত গোচৰটো বন্ধ হ’লেও ইডিয়ে আৰ্থিক অপব্যৱহাৰৰ তদন্ত অব্যাহত ৰাখিব পাৰে। তদুপৰি সংশ্লিষ্ট কৰ্তৃপক্ষই যদি ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে যিকোনো ব্যক্তিয়ে অপৰাধমূলক কাৰ্য্যবিধি আৰম্ভ কৰিব পাৰে।
অৱশ্যে উচ্চ ন্যায়ালয়ে ইডিৰ এই যুক্তি নাকচ কৰিছে। ‘বিজয় মদনলাল চৌধুৰী বনাম ভাৰত চৰকাৰ’ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ উদ্ধৃতি দি বিচাৰপীঠে কয় যে অপৰাধমূলক উপাৰ্জনৰ অস্তিত্ব বা ইয়াৰ অপব্যৱহাৰৰ তদন্ত তেতিয়াহে কৰিব পাৰিব যেতিয়া ইতিমধ্যে কোনো মূল অপৰাধৰ পূৰ্বৰ গোচৰ আছে। প্ৰাথমিক তদন্তকাৰী সংস্থাই এফআইআৰ বা অপৰাধমূলক অভিযোগ দাখিল কৰাৰ পিছতে পিএমএলএ আইনৰ অধীনত ইডিৰ ভূমিকা আৰম্ভ হয়। এই ক্ষেত্ৰত যিহেতু ভূমি দুৰ্নীতিৰ মূল গোচৰটো বন্ধ হৈ গৈছে, সেয়েহে ইডিৰ তদন্ত অব্যাহত থাকিব নোৱাৰে।
তদুপৰি চাকৰি দুৰ্নীতিৰ গোচৰত ইডিয়ে ব্যক্তিগত অভিযোগ দাখিল কৰা সন্দৰ্ভত আদালতে কয়, “আমাৰ সংবিধানত চৰকাৰৰ বিভিন্ন অংগৰ মাজত ক্ষমতাৰ পৃথকীকৰণ আছে, যাতে কোনো এটা প্ৰতিষ্ঠানে সকলো ক্ষমতা দখল কৰি ইয়াক অপব্যৱহাৰ কৰিব নোৱাৰে। ইডি কোনো সাধাৰণ নাগৰিক নহয় যিয়ে চিআৰপিচিৰ ধাৰা ২০০ বা বিএনএছএছৰ ২২৩ ধাৰাত ব্যক্তিগত অভিযোগ দাখিল কৰিব। য’ত অন্য চৰকাৰী কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰাটো অপ্ৰয়োজনীয় বুলি বিবেচনা কৰে, তাত ইডিক ব্যক্তিগত অভিযোগ দাখিল কৰাৰ অনুমিত দিলে সেয়া ইডিক ‘ছুপাৰ কপ’ হিচাপে কাম কৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ সমান হ’ব, যিটো আইনখনৰ মৌলিক দৰ্শনৰ পৰিপন্থী।” আদালতে এই পৰ্যবেক্ষণেৰে আবেদনকাৰীসকলৰ সকলো আৱেদন মঞ্জুৰ কৰে।





