NORTHEAST NOW (Assamese)

২০ লাখ টকাৰ জৰিমনা ভৰিব লাগিব এয়াৰ এছিয়াই

February 11, 2023 7:24 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 11, 2023 4:28 pm

ভাৰতৰ বিমান নিয়ন্ত্ৰক ডিজিচিএই এয়াৰ এছিয়া লিমিটেডক বাধ্যতামূলক পাইলট প্ৰফিচিয়েন্সি চেক/ইনষ্ট্ৰুমেণ্ট ৰেটিং পৰীক্ষাৰ প্ৰয়োজনীয়তা মানি চলাত ব্যৰ্থ হোৱাৰ বাবে ২০ লাখ টকাৰ জৰিমনা বিহা হৈছে।

বিমান সংস্থাটোৰ প্ৰশিক্ষণ মুৰব্বীগৰাকীক তিনি মাহৰ বাবে পদৰ পৰা অপসাৰণ কৰাৰ লগতে আঠজন নিৰ্দিষ্ট পৰীক্ষকক ৩ লাখ টকাকৈ জৰিমনা বিহা হৈছে।

অসামৰিক বিমান পৰিবহণৰ নিয়ম মানি নচলাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নালাগে সেই বিষয়ে বুজাই দিবলৈ ডিজিচিএই সংশ্লিষ্ট কৰ্মীসকলক জাননী জাৰি কৰিছিল।

তেওঁলোকৰ লিখিত উত্তৰ পৰীক্ষা কৰাৰ পিছত নিয়ন্ত্ৰকজনে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয়।

এয়াৰ এছিয়া হৈছে মালয়েছিয়াৰ কম খৰচী বিমান সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় মালয়েছিয়াৰ ৰাজধানী চহৰ কুৱালালামপুৰত অৱস্থিত।

Related News