আপুনি Jio বা Airtel ছীম ব্যৱহাৰ কৰে নেকি? তেতিয়াহ’লে আপোনাৰ বাবে আছে বেয়া খবৰ। অহা মাহৰ পৰা বৃদ্ধি পাবলৈ গৈ আছে মোবাইল ৰিচাৰ্জৰ মূল্য। ইতিমধ্যে ৰিলায়েন্স জিঅ’ আৰু ভাৰতী এয়াৰটেলে মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। ৩ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য।
জিঅ’ই মোবাইল ৰিচাৰ্জৰ মূল্য ১২ৰ পৰা ২৫ শতাংশ বৃদ্ধি কৰিছে। আনহাতে, এয়াৰটেলৰ ১১ৰ পৰা ২১ শতাংশ বৃদ্ধি পাইছে। ভোডাফোন-আইডিয়াই এতিয়াও কোনো ধৰণৰ মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰা নাই যদিও অতি সোনকালে ঘোষণা কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়কঃ এজাক বৰষুণতে খহি পৰিল দেশৰ ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনেলৰ চালি : তিনিজনৰ মৃত্যু
জিঅ’ কৰ্তৃপক্ষৰ মতে, ৫জি আৰু এআই প্ৰযুক্তিৰ প্ৰতি লক্ষ্য ৰাখি নতুন প্লেনসমূহ অনা হৈছে। এতিয়াৰ পৰা প্ৰতিদিনে ৫জি ব্যৱহাৰ কৰাটো বহুত সহজ হৈ পৰিব। কোম্পানীটোৱে কয় যে যদিও সকলো ব্যৱহাৰকাৰীৰ বাবে মূল্য বৃদ্ধি কৰা হৈছে, তথাপিও Jio Phone ব্যৱহাৰকাৰীৰ বাবে শুল্ক বৃদ্ধি কৰা হোৱা নাই।
এতিয়ালৈকে জিঅ’ৰ বেছিক টাৰিফ মূল্য আছিল ১৫৫ টকা। ইয়াক ১৮৯ লৈ বৃদ্ধি কৰা হৈছে। আনহাতে ৩ মাহৰ বাবে ২জিবি/ডে প্লেনৰ মূল্য আছিল ৭১৯ টকা। ৩ জুলাইৰ পৰা সেয়া হ’ব ৮৫৯ টকা! গোটেই বছৰটোৰ বাবে ২.৫জিবি/ডে প্লেনৰ মূল্য ২৯৯৯ চনৰ পৰা ৩৫৯৯লৈ বৃদ্ধি কৰা হৈছে।
ইয়াৰ লগতে ‘ডাটা এড অন’ প্লেনৰ ক্ষেত্ৰত, যিটো আগতে ১৫ টকাৰ পৰা ৬১ টকালৈ আছিল, ইয়াক ১৯ টকাৰ পৰা ৬৯ টকালৈ বৃদ্ধি কৰা হৈছে। অহা মাহৰ পৰা প্ৰি-পেইডৰ লগতে পষ্ট-পেইডৰ মূল্যও বৃদ্ধি পাইছে।
লগতে পঢ়কঃ ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ, নিৰ্বাচনত প্ৰতিপন্ন কৰিলে ভোটাৰে : অমৰ্ত্য সেন
আনহাতে, এয়াৰটেলৰ বেছিক টাৰিফ ১৭৯ টকাৰ পৰা ১৯৯ টকালৈ বৃদ্ধি কৰা হৈছে। ৮৪ দিনৰ বাবে ২জিবি/ডে প্লেনৰ মূল্য ৮৩৯ টকাৰ পৰা ৯৭৯ টকালৈ বৃদ্ধি কৰা হৈছে। লগতে জিঅ’ৰ দৰেই ‘ডাটা এড অন’ আৰু প’ষ্ট পেইড প্লেনৰ মূল্যও বৃদ্ধি কৰিছে৷