Airtel, Vodafone-এ আঁতৰাই দিলে FUP; নে’টৱৰ্কৰ বাধা নোহোৱাকৈ উপভোগ কৰক “সীমাহীন” ফ্ৰী কল

Airtel and Vodafone Remove FUP

এই মাহৰ আৰম্ভণিতেই প্ৰিপেইড প্লেনবিলাকৰ দাম বৃদ্ধি কৰা এয়াৰটেল আৰু ভোদাফোন-আইডিয়া টেলিকম কোম্পানিকেইটাই পুনৰ গ্ৰাহকলৈ ইয়াৰ আনলিমিডেট প্লেনবোৰত আনলিমিটেড ফ্ৰী কলৰ সুবিধা আগ বঢ়াইছে।

কোম্পানিকেইটাই ১০ ডিচেম্বৰত ঘোষণা কৰি জনাইছে যে অফ-নেট কল বা আন টেলিকম কোম্পানিৰ নেটৱৰ্কলৈ কৰা ফোন কলত থকা FUP (Fair Usage Policy) উঠাই দিয়া হৈছে আৰু এতিয়াৰ পৰা গ্ৰাহকে পুনৰ আনলিমিটেড কলৰ সুবিধা উপভোগ কৰিব পাৰিব।

“কাইলৈৰ পৰা আমাৰ সকলো আনলিমিটেড প্লেনৰ সৈতে আনলিমিটেড কল ভাৰতৰ যিকোনো নেটৱৰ্কলৈ উপভোগ কৰক। কোনো চৰ্ত নাই”, গ্ৰাহকক আহ্লাদিত কৰিব পৰাকৈ এয়াৰটেল কোম্পানিৰ টুইট।

ভোদাফোনে ইয়াৰ একে ধৰণৰ টুইটত কয়, “যিকোনো লোকলৈ আনলিমিটেড কল উপভোগ কৰক”।

ইয়াৰ পূৰ্বে দুয়োটা কোম্পানিয়ে নতুন নীতিত অন্য নেটৱৰ্কলৈ কৰা কলত সীমা আৰোপ কৰিছিল। আনলিমিটেড প্লেনবোৰত এটা সীমালৈকে অন্য নেটৱৰ্কলৈ কল ফ্ৰী দিয়া হয় যদিও সেই সীমা পাৰ হ’লেই চাৰ্জ লাগিছিল।

এয়াৰটেলে ৩০০ টকাৰ কম প্লেনত অন্য নেটৱৰ্কলৈ ১০০০ মিনিট আৰু ৮৪ দিনৰ ভেলিডিটি থকা প্লেনত ৩০০০ মিনিট অন্য নেটৱৰ্কলৈ কল ফ্ৰী দিছিল। এই সীমা পাৰ হ’লে চাৰ্জ লৈছিল।

ডেটা বা কলৰ ক্ষেত্ৰত এই সীমা আৰোপনৰ নীতিক FUP (Fair Usage Policy) বুলি কোৱা হয়।

অৱশ্যে এটা সৰ্বাধিক গ্ৰাহক থকা নেটৱৰ্ক Jio-ই এতিয়াও FUP (Fair Usage Policy) লগাই ৰাখিছে আৰু অন্য নেটৱৰ্কলৈ কল কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ চাৰ্জ লয়।

উল্লেখযোগ্য যে প্ৰায় আটাইকেইটা বেচৰকাৰী প্ৰধান টেলিকম কোম্পানিয়ে এই মাহৰ আৰম্ভণিৰ পৰা ইয়াৰ আনলিমিটেড প্ৰিপেইড প্লেনবোৰৰ দাম প্ৰায় ৪০ শতাংশ বৃদ্ধি কৰিছে।