এয়াৰটেলে আগ বঢ়াব VoWi-Fi কলিং সেৱা; নেটৱৰ্ক নাথাকিলেও Wi-Fi-ৰে কল কৰিব পাৰিব গ্ৰাহকে

VoWiFi_Airtel

ৱাই-ফাই এয়াৰটেলে ডিচেম্বৰৰ পৰা আগ বঢ়াব ভইচ অ’ভাৰ ৱাই-ফাই কলিং সেৱা। VoWi-Fi (Voice over Wi-Fi ) নামেৰে জনাজাত হ’ব লগীয়া এই নতুন সেৱাটোৰ পৰীক্ষা চলাই আছে টেলিকম কোম্পানিটোৱে।

এই সেৱাৰ ব্যৱহাৰ কৰি এজন লোকে নিজৰ ম’বাইলত নেটৱৰ্ক নথকা অৱস্থাতো ৱাই-ফাই কানেকশ্যন ব্যৱহাৰ কৰি আনলৈ কল কৰিব পাৰিব।

ইকন’মিক টাইমছে দিয়া এটা বাতৰিত কৈছে যে টেলিকম কোম্পানিটোৱে এই নতুন প্ৰযুক্তি কৌশলটোৰ পৰীক্ষা-নিৰীক্ষা কোম্পানিটোৰ কিছু সংখ্যক কৰ্মচাৰী আৰু নিৰ্বাচিত স্থানৰ কিছু সংখ্যক য়ুজাৰৰ এই প্ৰযুক্তি-সক্ষম ডিভাইচত প্ৰয়োগ কৰি সফল হৈছে।

এই নতুন সেৱাটো শেহতীয়া প্ৰযুক্তি সম্বলিত ছেমছাং গেলেক্সি ন’ট ১০ প্লাছৰ দৰে হেণ্ডছেটতহে উপলব্ধ হ’ব। এই সুবিধা যাতে সৰ্বাধিক গ্ৰাহকে ল’ব পাৰে তাৰ বাবে Apple, OnePlus, Xiaomi আৰু Samsung আদিৰ দৰে হেণ্ডছেট কোম্পানিবোৰে ছ’ফটৱেৰ আপডেইট মুকলি কৰিছে।

এই সেৱা ল’বৰ বাবে এই ম’বাইলবোৰৰ VoWi-Fi বিকল্পটো অন কৰিব লাগিব। ম’বাইলবোৰত (সকলোতে নহয়) এইটো থাকে Wi-Fi Calling ৰ অধীনত।

মুঠতে VoWi-Fi ব্যৱহাৰ কৰি কল কৰাৰ পদ্ধতিটো WhatsApp, hike, WeChat আদিৰ জৰিয়তে কল কৰাৰ দৰেই হ’ব। কিন্তু ইয়াৰ বাবে কোনো এপ বা সুকীয়া নম্বৰৰ প্ৰয়োজন নহ’ব।

টেলিকম কোম্পানিটোৰ এটা সূত্ৰৰ মতে, এই ধৰণৰ কল কৰাৰ বাবে গ্ৰাহকে কোনো অতিৰিক্ত মাচুল ভৰিব নালাগে।

অৱশ্যে সেৱাটো সমগ্ৰ ভাৰততে নে নিৰ্দিষ্ট কিছুমান চহৰতহে মুকলি কৰা হ’ব সেই সম্বন্ধে টেলিকম কোম্পানিটোৱে এতিয়াও ৰাজহুৱা কৰা নাই।

এটা সূত্ৰৰ মতে, ৰিলায়েন্স জিঅ’ই ইতিপূৰ্বে এই VoWi-Fi সেৱা iPhone 11 Pro-ত সুলভ কৰিছে। বি এছ এন এলেও ইয়াৰ পৰীক্ষা কৰি থকা বুলিও ইক’নমিক টাইমত কোৱা হৈছে।