NORTHEAST NOW (Assamese)

নিৰ্বাচনত জিকিলে পুনৰ খোলা হ’ব বন্ধ কৰি দিয়া ৭৫০ খন মাদ্ৰাছা : বদৰুদ্দিন আজমল

April 24, 2024 9:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নিৰ্বাচনত জয়ী হ’লে অসমত চৰকাৰে বন্ধ কৰি দিয়া ৭৫০ খন মাদ্ৰাছা পুনৰ খোলা হ’ব বুলি দাবী কৰিছে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলে। 

কৰিমগঞ্জত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আজমলে কয়, “আমি ৭৫০খন মাদ্ৰাছা পুনৰ খুলিম। উত্তৰ প্ৰদেশ চৰকাৰে মাদ্ৰাছা বন্ধ কৰাৰ ঘোষণা কৰিছিল, কিন্তু উচ্চতম ন্যায়ালয়ে ধমকি সোধাইছিল। আমিও উচ্চতম ন্যায়ালয়লৈ যাম।”

“আমি অসমত বন্ধ হৈ যোৱা ৭৫০ খন মাদ্ৰাছা উচচতম ন্যায়ালয়ৰ জৰিয়তে খুলিম, গুণ্ডাগিৰিৰ জৰিয়তে নহয়।” – লগতে আজমলে কয়।

আজমলে মাদ্ৰাছাসমূহ কেৱল শিক্ষাৰ উদ্দেশ্যে পুনৰ মুকলি কৰা হ’ব বুলি জোৰ দি কয়, “চৰকাৰে লাখ লাখ মুছলমান ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণৰ বাবে বঞ্চিত কৰিলে কিয়? তেওঁলোকৰ অধিকাৰ নাই নেকি? শিক্ষা আমাৰ অধিকাৰ।”

Related News