• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোক লগ কৰাৰ সময় দিলে মই প্ৰধানমন্ত্ৰী মোদীৰ সকলো ভ্ৰান্তি দূৰ কৰিম : মল্লিকাৰ্জুন খৰ্গে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 24, 2024 10:37 am
152
VIEWS
Share on FacebookShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ যুঁজখনত মুছলিম লীগৰ প্ৰসংগ টানি আনি হোৱাই নোহোৱাই কংগ্ৰেছক সমালোচনা কৰিছে নিৰেন্দ্ৰ মোদীকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে।

ইয়াৰ মাজতে বিতৰ্কৰ বিষয় হৈ পৰিছে গহণা আৰু মংগলসূত্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত ধাৰাবাহিকভাবে অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছে দেশৰ মহিলাসকলৰ মংগলসূত্ৰ কাঢ়ি ল’ব।

প্ৰধানমন্ত্ৰী মোডীৰ মতে, কংগ্ৰেছৰ ইস্তাহাৰৰ বহু কথাই দেশৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। 

প্ৰধানমন্ত্ৰীৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে মঙলবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰত্যুত্তৰ দি কয়, “মোৰ মাতৃ ইন্দিৰা গান্ধীয়ে ১৯৭১ চনত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত দেশৰ বাবে নিজৰ মংগলসূত্ৰ দান কৰিছিল। আজি ৭০ বছৰে কংগ্ৰেছে কাৰোবাৰ মংগলসূত্ৰ কাঢ়ি লোৱা দেখিছে নেকি?”

এই বিষয়ত কংগ্ৰেছ সভাপতি প্ৰধান মল্লিকাৰ্জুন খৰ্গেই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সময় দিলে তেওঁ মোদীক কংগ্ৰেছৰ ইস্তাহাৰখন ভালকৈ বুজাই দিব যাতে মোদীৰ ভ্ৰান্তি দূৰ হয়।

চলিত মাহত নিৰ্বাচনী সভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে কংগ্ৰেছৰ ইস্তাহাৰৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছ দলৰ প্ৰতিশ্ৰুতিয়ে স্বাধীনতাৰ পূৰ্বৰ মুছলিম লীগৰ ধাৰণাক সোঁৱৰাই দিয়ে। 

দেওবাৰে ৰাজস্থানত অনুষ্ঠিত এক সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছে মানুহৰ সা-সম্পত্তি জব্দ কৰি মুছলমানৰ মাজত বিতৰণ কৰাৰ উদ্দেশ্য থকা বুলি দাবী কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰে। তেওঁ কৈছিল, “তেওঁলোকে মহিলাসকলৰ ‘মংগলসূত্ৰ’কো এৰি নিদিয়ে”

ইফালে কেৰালাৰ ৱায়ানাদত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমৰ্থনত অনুষ্ঠিত এক সভাত ভাষণ দি সকলো অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে খৰ্গেই। তেওঁ কয়, ” মোদীয়ে কয় যে কংগ্ৰেছৰ ইস্তাহাৰ মুছলিম লীগৰ ইস্তাহাৰ। মই তেওঁক অনুৰোধ কৰিছো, যদি তেওঁ মোক সময় দিয়ে তেন্তে মই তেওঁক আমাৰ ইস্তাহাৰখন বুজাই দিম। আমি আমাৰ ইস্তাহাৰখন কেৱল মুছলমানৰ বাবে বুলি কেতিয়াও উল্লেখ কৰা নাই। ইয়াত সকলোৰে বাবে কাম কৰাৰ কথা কোৱা হৈছে। আমাৰ ইস্তাহাৰ দুখীয়া, কৃষক, যুৱক-যুৱতী, মহিলা আৰু সকলোৰে বাবে। মোদীয়ে এনেবোৰ কথা কৈ কেৱল সমাজখনক বিভাজিত কৰিব বিচাৰে।”

ইয়াৰ লগতে খৰ্গেই প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কয় যে মোদীয়ে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছে যদিও হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰ ভ্ৰমণ কৰা নাই। মণিপুৰলৈ ৰাহুল গান্ধীহে গৈছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd