• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোক লগ কৰাৰ সময় দিলে মই প্ৰধানমন্ত্ৰী মোদীৰ সকলো ভ্ৰান্তি দূৰ কৰিম : মল্লিকাৰ্জুন খৰ্গে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 24, 2024 10:37 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ যুঁজখনত মুছলিম লীগৰ প্ৰসংগ টানি আনি হোৱাই নোহোৱাই কংগ্ৰেছক সমালোচনা কৰিছে নিৰেন্দ্ৰ মোদীকে ধৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে।

ইয়াৰ মাজতে বিতৰ্কৰ বিষয় হৈ পৰিছে গহণা আৰু মংগলসূত্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাত ধাৰাবাহিকভাবে অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছে দেশৰ মহিলাসকলৰ মংগলসূত্ৰ কাঢ়ি ল’ব।

Apply Now

প্ৰধানমন্ত্ৰী মোডীৰ মতে, কংগ্ৰেছৰ ইস্তাহাৰৰ বহু কথাই দেশৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। 

প্ৰধানমন্ত্ৰীৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে মঙলবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই প্ৰত্যুত্তৰ দি কয়, “মোৰ মাতৃ ইন্দিৰা গান্ধীয়ে ১৯৭১ চনত হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত দেশৰ বাবে নিজৰ মংগলসূত্ৰ দান কৰিছিল। আজি ৭০ বছৰে কংগ্ৰেছে কাৰোবাৰ মংগলসূত্ৰ কাঢ়ি লোৱা দেখিছে নেকি?”

এই বিষয়ত কংগ্ৰেছ সভাপতি প্ৰধান মল্লিকাৰ্জুন খৰ্গেই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সময় দিলে তেওঁ মোদীক কংগ্ৰেছৰ ইস্তাহাৰখন ভালকৈ বুজাই দিব যাতে মোদীৰ ভ্ৰান্তি দূৰ হয়।

চলিত মাহত নিৰ্বাচনী সভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বাৰে বাৰে কংগ্ৰেছৰ ইস্তাহাৰৰ কথা উল্লেখ কৰি কয় যে কংগ্ৰেছ দলৰ প্ৰতিশ্ৰুতিয়ে স্বাধীনতাৰ পূৰ্বৰ মুছলিম লীগৰ ধাৰণাক সোঁৱৰাই দিয়ে। 

দেওবাৰে ৰাজস্থানত অনুষ্ঠিত এক সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছে মানুহৰ সা-সম্পত্তি জব্দ কৰি মুছলমানৰ মাজত বিতৰণ কৰাৰ উদ্দেশ্য থকা বুলি দাবী কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰে। তেওঁ কৈছিল, “তেওঁলোকে মহিলাসকলৰ ‘মংগলসূত্ৰ’কো এৰি নিদিয়ে”

ইফালে কেৰালাৰ ৱায়ানাদত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমৰ্থনত অনুষ্ঠিত এক সভাত ভাষণ দি সকলো অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে খৰ্গেই। তেওঁ কয়, ” মোদীয়ে কয় যে কংগ্ৰেছৰ ইস্তাহাৰ মুছলিম লীগৰ ইস্তাহাৰ। মই তেওঁক অনুৰোধ কৰিছো, যদি তেওঁ মোক সময় দিয়ে তেন্তে মই তেওঁক আমাৰ ইস্তাহাৰখন বুজাই দিম। আমি আমাৰ ইস্তাহাৰখন কেৱল মুছলমানৰ বাবে বুলি কেতিয়াও উল্লেখ কৰা নাই। ইয়াত সকলোৰে বাবে কাম কৰাৰ কথা কোৱা হৈছে। আমাৰ ইস্তাহাৰ দুখীয়া, কৃষক, যুৱক-যুৱতী, মহিলা আৰু সকলোৰে বাবে। মোদীয়ে এনেবোৰ কথা কৈ কেৱল সমাজখনক বিভাজিত কৰিব বিচাৰে।”

ইয়াৰ লগতে খৰ্গেই প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কয় যে মোদীয়ে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছে যদিও হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰ ভ্ৰমণ কৰা নাই। মণিপুৰলৈ ৰাহুল গান্ধীহে গৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd