এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলে প্ৰদান কৰিলে মনোনয়ন

Baduruddin Ajmal

মনোনয়ন দাখিলৰ সময়ত বদৰুদ্দিন আজমল।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ধুবুৰী লোকসভা সমষ্টিৰ এ আই য়ু ডি এফ দলৰ প্ৰাৰ্থী তথা সাংসদ বদৰুদ্দিন আজমলে আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ৪ এপ্ৰিল যদিও আজি সহস্ৰাধিক দলীয় সমৰ্থকক লগত লৈ সমদল কৰি মনোনয়ন দাখিল কৰে এ আই য়ু ডি এফ প্ৰধানজনে।

উল্লেখযোগ্য যে, ধুবুৰী লোকসভা সমষ্টিতো বৰ্তমান এ আই য়ু ডি এফৰ দখলত আছে। বদৰুদ্দিন আজমলে দলটোৰ পৰা ধাৰাবাহিকভাৱে ২০০৯ চনৰ পৰা সাংসদ ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

আনহাতে, পূৰ্বতে কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিচিত ধুবুৰী লোকসভা সমষ্টিতো নিজৰ দখললৈ নিবলৈ দলটোৱে কি ৰণ প্ৰস্তুতি গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব। উল্লেখ্য যে এই পৰ্যন্ত কংগ্ৰেছ দলে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

কংগ্ৰেছ, এ আই য়ু ডি এফৰ উপৰি অগপ-বিজেপিৰ মিত্ৰজোঁটৰ ফালৰ পৰাও শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনা দেখা দিছে। মিত্ৰজোঁটৰ হৈ অগপই মানকাচৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনাই উজ্জ্বল হৈ পৰিছে।

২৩ এপ্ৰিলত ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। সমষ্টিটোত এইবাৰ মূল যুদ্ধ খন এ আই য়ু ডি এফ আৰু কংগ্ৰেছৰ মাজতে হ’ব বুলি আশা কৰা হৈছে।