NORTHEAST NOW (Assamese)

লাভ মেৰেজ নকৰে বদৰুদ্দিন আজমলে, যি কৰে মুকলিকৈ কৰিব

March 20, 2019 6:16 pm · এন ই নাও নিউজ
বদৰুদ্দিন আজমলৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে এ আই য়ু ডি এফৰ মিত্ৰতা সম্বন্ধে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দলটোৰ সভাপতি বদৰুদ্দিন আজমলে ‘‘লাভ মেৰেজ নকৰো আমাৰ বাবে ই অবৈধ, কোৰ্ট মেৰেজো নকৰো, যি হ’ব মুকলিকৈ হ’ব’’ বুলি মন্তব্য কৰে। আজমলে নিৰ্বাচনত দলৰ ‘একলা চলোৰে’ নীতিৰে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা  ব্যক্ত কৰে।

আনহাতে, বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত আজমলে বৰ্তমান এ আই য়ু ডি এফৰ দখলত থকা সমষ্টিতোত এইবাৰ শৰীৰ ভালে নথকা বাবে চিৰাজুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি উল্লেখ কৰি ৰফিকুল ইছলাম দলৰ প্ৰাৰ্থী হোৱাৰ ইংগিত দিয়ে।

অগপ আৰু বিজেপিৰ মাজত হোৱা মিত্ৰতাই ৰাইজক অসন্তুষ্ট কৰিছে আৰু ইয়াৰ সুবিধা এ আই য়ু ডি এফে লাভ কৰিব বুলিও কয় আজমলে। বৰ্তমান দলটোৰ দখলত থকা তিনিওটা সমষ্টি পুনৰ দলটোৱে দখল কৰিব বুলি দাবী কৰে এ আই য়ু ডি এফৰ সভাপতি জনে।

মিত্ৰতা সম্বন্ধে আজমলে যি মিত্ৰতা হয় দিল্লীত হ’ব বুলি কয়। বৰ্তমানো তেওঁ য়ু পি এত আছে আৰু মিত্ৰতা সম্বন্ধে ইয়াত কোনোধৰণৰ আলোচনা নহয় বুলিও মন্তব্য কৰে।

বৰপেটা সমষ্টিৰ টিকত প্ৰত্যাশী ৰফিকুল ইছলামে বিজেপিক পৰাস্ত কৰাৰ বাবে সকলোকে ওলাই অহাৰ বাবে আহ্বান জনায়। ইছলামে কেন্দ্ৰত কোনোপধ্যে মোডী চৰকাৰ নাহে বুলি উল্লেখ কৰি দলটোৱ অসমক ধ্বংস কৰাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ আহিছে বুলি কয়।

আনহাতে, ক’লা ধন ঘূৰাই অনা, গংগা পৰিষ্কাৰ কৰা, নিৱনুৱাক সংস্থাপন দিয়া আদি ক্ষেত্ৰতো বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি এ আই য়ু ডি এফৰ নেতাজনে মন্তব্য কৰে।

Related News