NORTHEAST NOW (Assamese)

ৰাজ্য চৰকাৰলৈ সাংসদ আজমলৰ আহ্বান; বিশেষ পুঁজি গঠন কৰি সাহায্য প্ৰদান কৰক চৰকাৰে

April 12, 2020 5:25 pm · দীপজ্যোতি শৰ্মা

ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ত্ৰাসৰ সৃষ্টি কৰিছে৷ এনে এক জটিল সময়ত ৰাজ্য চৰকাৰলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ৷

আজমলৰ মতে ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বৰ দৰে অসমত যাতে আৰ্থিক অৱনতি নঘটে তাৰবাবে ৰাজ্য চৰকাৰে এক বিশেষ পদক্ষেপ লব লাগে৷ নিজৰ ফেচবুকৰ জৰিয়তে এই আহ্বাদ সাংসদ বদৰুদ্দিন আজমলৰ৷

সাংসদ জনে কয় ল’কডাউনৰ ফলত চাহ বাগানৰ শ্ৰমিক, দৈনিক হাজিৰা কৰা লোক, কৃষক আদি অধিক ক্ষতিগ্ৰস্ত হৈছে ৷

আজমলে কয় যো ৰাজ্যত প্ৰায় ১ লাখ ৮০ হাজাৰ শিক্ষিত নিৱনুৱাই ক্ষুদ্ৰ চাহ খেতি কৰি আছে আৰু ২ লাখ মজদূৰ জড়িত হৈ আছে এই চাহ উদ্যোগত৷ ২৭ হাজাৰ কৃষকে পাচলিৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আছে।

বিপিএল লোকসকলৰ লগতে তেওঁলোকো ল’কডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে৷

আজমলে লগতে কয় যে লকডাউনৰ বাবে ৰাজ্যত ৩ হাজাৰ ৫০০ মেট্ৰিকটন পাচলি নষ্ট হৈছে৷

সেয়ে সাংসদ গৰাকীৰ ৰাজ্য চৰকাৰক অনুৰোধ কৰে যে যঅন্য ৰাজ্যৰ দৰে অসমতো ৰাজ্য চৰকাৰে এক বিশেষ পুঁজি গঠন কৰি তেওঁলোকক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে৷

সাংসদ আজমলে আনকি সাংবাদিকসকলকো দিব এককালীন সাহায্য দিব লাগে বুলি কয় ৷

Related News