কংগ্ৰেছ-বিজেপিৰে গোপন বুজাবুজি! নগাঁৱৰ ২৯ জিলা পৰিষদত মাত্ৰ ১০ প্ৰাৰ্থীৰ মনোনয়ন দাখিলএআইয়ুডিএফৰ

dc-Cover-p40pqim728drk7l3ljpcupjfh5-20170206133020.Medi

পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁৱত বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম মুহূৰ্তত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইয়ুডিএফ দলে নগাঁও জিলাত মাত্ৰ ১০টা জিলা পৰিষদ আসনত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু সেই প্ৰাৰ্থী কেইজনেহে মনোনয়ন দাখিল কৰে।

দলটোৱে ঘোষণা কৰা চূড়ান্ত তালিকা অনুসৰি, জিলাখনৰ শিঙ্গিয়া জিলা পৰিষদ সমষ্টিত আজিজুল হক মৰল, ভকতগাঁৱত শ্বাহ আলম চৌধুৰী, জুৰীয়াত পাৰবিন চুলতানা, জাৰামাৰি-আলিটাঙনীত জিয়াবুৰ ৰহমান, টুকটুকীত গোলাম ৰাব্বানী, শিঙিমাৰী-মাধৱপাৰাত ছহিদুল ইছলাম, কচুৱাত আক্ৰাম মনজিল হুছেইন, বটদ্ৰৱাত আছমিনা খাতুন, বেচামাৰীত নাজমা খাতুন আৰু হাতীচোঙত মুৰ্শিদা খাতুন।

উল্লেখ্য যে, নগাঁও জিলা পৰিষদৰ অন্তৰ্গত মুঠ ২৯ টা জিলা পৰিষদ সমষ্টিৰ আসন আছে। মন কৰিবলগীয়া যে, বাকী ১৯ টাকৈ আসনত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদানৰ কৰা নাই। আনকি, অতি ৰহস্যজনকভাবে জিলাখনৰ সংখ্যালঘু অধ্যুষিত ৰূপহী, গড়াজান, শিঙিমাৰী আৰু বাজিয়াগাঁৱৰ লগতে আন কেইবাটাও সংখ্যা লোকৰ প্ৰভাৱ থকা জিলা পৰিষদ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই।

এই সন্দৰ্ভত এআইয়ুডিএফৰ নগাঁও  জিলাৰ সভাপতি মিঞা হুছেইনে নিজৰ প্ৰতিক্ৰিয়া বিচৰাত সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনৰ জিকাৰ সম্ভাৱনা থকা সমষ্টিতহে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। দলীয় স্থিতি অতি দুৰ্বল থকা সমষ্টিত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সংখ্যালঘু অধ্যুষিত বহু কেইটা সমষ্টিত কোনো লোকে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন নকৰাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই।

আনহাতে,  চৰ্চা অনুসৰি বিজেপিৰ লগত গোপন বুজাবুজি থকাৰ বাবেই সংখ্যালঘু লোকৰ যথেষ্ট প্ৰভাৱ থকা জিলা পৰিষদৰ সমষ্টিতো এআইয়ুডিএফে প্ৰাৰ্থিত্ব দিয়াৰ পৰা ৰহস্যজনকভাবে বিৰত আছে। আন এটা সূত্ৰে জানিব পৰা মতে, কংগ্ৰেছ দলৰ লগতো এক গোপন বুজাবুজিৰ ফলস্বৰূপে এআইয়ুডিএফ দলে জিলাখনৰ বহু কেইটা আসনত দলীয় মনোনয়ন প্ৰদান কৰা নাই।

মুঠতে এআইয়ুডিএফৰ এই সমগ্ৰ বিষয়টো এক ৰহস্যৰ আবৰ্তত সোমাই পৰিছে যদিও পৰৱৰ্তী সময়ত সেই কথা স্পষ্ট হৈ পৰাৰ সম্ভাৱনা আছে। লক্ষণীয় যে, বিগত পঞ্চায়ত নিৰ্বাচনত দলটোৱে জিলাখনৰ প্ৰায়কেইটা জিলা পৰিষদ আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যদিও এইবেলি কি কাৰণত  প্ৰভাৱ থকা স্বত্বেও বহুকেইটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই, সেয়া এক বিচাৰ্যৰ বিষয়।

প্ৰকৃততে বিগত সময়চোৱাত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে জহাই ফুৰা বদৰুদ্দিন আজমলকে ধৰি দলটোৰ অন্যান্য নেতাসকলে এন আৰ চিকে ধৰি জনগোষ্ঠীটোৰ নাগৰিকত্ব সমস্যা সন্দৰ্ভত কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাত চুড়ান্তভাবে ব্যৰ্থ হোৱাৰ অভিযোগ সৰ্বত্ৰ চৰ্চা লাভ কৰাৰ পিছত সংখ্যালঘু এলেকাত এআইয়ুডিএফৰ জনপ্ৰিয়তা বহুখিনি হ্ৰাস হোৱাৰ লগতে দলটোৰ প্ৰতি ৰাইজৰ মোহভংগ হৈ পৰা বুলিও চৰ্চিত হৈছে।

ইপিনে, আসন্ন পঞ্চায়ত নিৰ্বাচনত মুল ইচ্ছু কি হ’ব বুলি এআইয়ুডিএফৰ জিলাখনৰ একমাত্ৰ বিধায়ক আমিনুল ইছলামে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত  নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত তেওঁলোকৰ স্থিতি অটল বুলি উল্লেখ কৰি কয় যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো লোক অসমৰ পৰা যাবই লাগিব, সি হিন্দুয়েই হ‌ওক বা মুছলমানেই হ‌ওক।

তদুপৰি বৰ্তমানৰ ৰাজ্যৰ শাসনৰ গাদীত থকা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দিনতো গ্ৰামোন্নয়ন বিভাগত পৰ্বতসম দুৰ্নীতি সংঘটিত হৈ থকা বিষয়টোও আন এক নিৰ্বাচনী ইচ্ছ্যু হ’ব বুলি বিধায়কগৰাকীয়ে সদৰী কৰে।পঞ্চায়ত নিৰ্বাচনতো দলটোৱে ভাল ফল প্ৰদৰ্শন কৰিব বুলিও আশাবাদী বিধায়ক ইছলাম।