কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে আজি মিত্ৰ দল  AIUDF ক দিয়া সমষ্টিৰ  সংখ্যা ঘোষণা কৰে।

সেই মৰ্মে মহাজোঁটৰ অন্যতম সহযোগী দল এআইইউডিএফে ২১ খন আসনত প্ৰাৰ্থী দিব ।

একেদৰে তিনিখন আসনত কংগ্ৰেছে এআইইউডিএফৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব।

এআইইউডিএফক এৰি দিয়া সমষ্টি কেইটা হৈছে ক্ৰমে যমুনামুখ,বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব,মানকাচৰ,সোনাই, ধুবুৰী,জনিয়া,সৰুক্ষেত্ৰী,অভয়াপুৰী দক্ষিণ,ভৱানীপুৰ,ধিং,দলগাঁও,নাওঁবৈচা,কাটলিচেৰা,গোৱালপাৰা পশ্চিম,জলেশ্বৰ, গৌৰীপুৰ,দক্ষিণ কৰিমগঞ্জ,বদৰপুৰ,আলগাপুৰ,হাইলাকান্দি।

তিনিটা সমষ্টিত কংগ্ৰেছ –এআইইউডিএফে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰকাশ কৰে।

বাওদলক ৪ খন, অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণমৰ্চাক দুখন আসন এৰি দিয়া হৈছে।