আই লীগ-২০১৯ৰ আৰম্ভণিতে শক্তিশালী মোহনবাগানক পইণ্ট ভগাই ল’বলৈ বাধ্য কৰালে আইজল এফ চিয়ে

i-league

মোহনবাগান আৰু আইজল এফ চিৰ মাজৰ খেলৰ এটি মুহুৰ্ত

আই লীগ-২০১৯ৰ আৰম্ভণিতে আইজল এফ চিৰ বিৰুদ্ধে ড্ৰ খেলিবলৈ বাধ্য হ’ল শক্তিশালী মোহনবাগান।

মিজোৰামত আজি অনুষ্ঠিত খেলখনত ঘৰুৱা দল আইজল এফ চিয়ে দৰ্শনীয় খেল প্ৰদৰ্শনেৰে মোহনবাগানৰ বিজয়ী হোৱাৰ স্বপ্ন ভংগ কৰে।

নিৰ্ধাৰিত সময়ত খেলখন গ’ল শূন্যভাৱে ড্ৰ হোৱাৰ বাবে দুয়োটা দলে এক পইণ্ট কৈ ভগাই ল’বলৈ বাধ্য হয়।

কিছু বছৰ পূৰ্বে মোহনবাগানক পৰাস্ত কৰি আইজল এফ চিয়ে আই লীগত চেম্পিয়ন হৈছিল। সেইফালৰ পৰা লক্ষ্য কৰিলে এইবাৰ প্ৰতিশোধ পূৰণৰ সুবৰ্ণ সুযোগ লাভ কৰিছিল তাৰকাখচিত ক্লাৱ মোহনবাগানে কিন্তু আইজল এফ চিৰ দুৰ্ভেদ্য ৰক্ষণ বিভাগে মোহনবাগানক গ’ল কৰাৰ কোনোধৰণৰ সুযোগ নিদিলে।

দেশৰ কোনো ডাঙৰ তাৰকা ফুটবলাৰ নথকা আৰু মাত্ৰ দুজন বিদেশী ফুটবলাৰেৰে গঠিত আইজল এফ চিৰ সন্মুখত পাঁচগৰাকীকৈ বিদেশী খেলুৱৈৰে গঠিক মোহনবাগানক শক্তিশালী হিচাপে ভৱা হৈছিল যদিও দলটোৱে গ’ল কৰাত ব্যৰ্থ হয়।

আনহাতে, আইজল এফ চিৰ প্ৰদৰ্শনক লৈ উৎফুল্লিত হৈ পৰিছে দলটোৰ প্ৰশিক্ষক।