যিকোনো খেলতে জয়-পৰাজয় থাকে। কিন্তু খেলপথাৰত যুঁজ নিদিয়াকৈয়ে যেতিয়া এটা দলে আনটো দলৰ সন্মুখত আত্মসমৰ্পণ কৰে সেয়াহে আশ্চৰ্যকৰ। ১৬ মাৰ্চত তেনে এক ঘটনা সংঘটিত হৈছে হিৰ’ ছুপাৰ কোৱালিফায়াৰ ফুটবল টুৰ্নামেণ্টত।
জানিব পৰা মতে হিৰ’ ছুপাৰ কাপৰ কোৱালিফায়াৰত শনিবাৰে উৰিষ্যাৰ ভুবনেশ্বৰস্থিত কালিংগা ষ্টেডিয়ামত আইজল এফ চি আৰু চেন্নাইন এফ চিৰ মাজত এখন গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ’ব লগীয়া আছিল। কিন্তু নিৰ্ধাৰিত সময়লৈকে খেলপথাৰত উপস্থিত নহ’ল আইজল এফ চিৰ দলটো।
আইজল এফ চিৰ দলটো সময়ত উপস্থিত হ’ব নোৱাৰাত কৰ্তৃপক্ষই মেচখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এইদৰে চেন্নাইন এফ চি হিৰ’ ছুপাৰ কাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়।
উল্লেখ্য যে দেশৰ এখন আগশাৰীৰ ফুটবল টুৰ্নামেণ্টৰ কোৱালিফায়িং মেচত আইজল এফ চিৰ দলটো কি কাৰণত অনুপস্থিত থাকিল সেয়া জানিব পৰা হোৱা নাই।
আনহাতে দলটোৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ক্ষুন্ন হৈ পৰিছে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন। টুৰ্নামেণ্টৰ নীতি-নিয়ম অনুসৰি এই সমগ্ৰ বিষয়টো চালি-জাৰি চোৱা হ’ব বুলি ফুটবল ফেডাৰেশ্যনে টুইটযোগে জনায়।
ইফালে আইজল এফ চিৰ দৰে একেই ভুল গকুলাম কেৰেলা এফ চিয়েও কৰা পৰিলক্ষিত হৈছে। দলটোৱে নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱাত মেচখন বাতিল কৰি দিল্লী ডায়নামোজ এফ চিক বিজয়ী ঘোষণা কৰে।
উল্লেখযোগ্য যে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হিৰ’ ছুপাৰ কাপ হ’ল এখন নকআউট পৰ্যায়ৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনত আই লীগ আৰু আই এছ এলৰ শীৰ্ষ ৬টা দলে মূল ৰাউণ্ডত আৰু শেষৰ চাৰিটা দলে কোৱালিফায়িং মেচৰ জৰিয়তে মূল ৰাউণ্ডত খেলাৰ সুযোগ লাভ কৰে।