NORTHEAST NOW (Assamese)

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ ক’ৰ’না প’জিটিভ

August 25, 2020 7:23 pm · এন ই নাও নিউজ

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে পুনৰ জনপ্ৰতিনিধিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

শেহতীয়াভাৱে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী অজন্তা নেওগৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ক’ৰ’না আক্ৰান্ত প্ৰাক্তন মন্ত্ৰী গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

আনহাতে, অজন্তা নেওগৰ লগতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

স্বোৱাব টেষ্টৰ সময়তে বিধায়ক গৰাকী ক’ৰ’না প’জিটিভ হিচাপে ফলাফল আহে।

কিছুদিন পূৰ্বে অসমৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন ভৰালী ক’ৰ’না প’জিটিভ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।

দুয়োগৰাকী নেতাকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখযোগ্য যে, অসমত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা সোমবাৰে নিশালৈ ৯২,০০০ অতিক্ৰম কৰিছে।

Related News