NORTHEAST NOW (Assamese)

দিল্লীৰ এখন পাবত বলিউদৰ অভিনেতা অজয় দেৱগণক আক্ৰমণ! : প্ৰহৃত হ’ল নেকি অভিনেতাগৰাকী?

March 30, 2021 3:36 pm · এন ই নাও নিউজ

দিল্লীৰ এখন পাবত বলিউদৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগণক আক্ৰমণ কৰিছে একাংশ লোকে! এই বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে বলিউদৰ লগতে দেশৰ সংবাদ মাধ্যমত।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে একাংশ লোকে বগা চাৰ্ট পৰিহিত এজন লোকক প্ৰহাৰ কৰি আছে।

উক্ত বগা চাৰ্ট পৰিহিত লোকজন বলিউদৰ অভিনেতা অজয় দেৱগণ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে ভিডিঅ’টো।

দিল্লী সীমান্তত অব্যাহত থকা কৃষক সমদলৰ প্ৰতি প্ৰতিক্ৰিয়াত্মক মন্তব্য প্ৰকাশ কৰাৰ বাবে বলিউদৰ অভিনেতাগৰাকী কিছু লোকৰ ৰোষত পৰা বুলি চৰ্চা চলিছে।

উল্লেখ্য যে বলিউদৰ অভিনেতাগৰাকীয়ে দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহৰ বিৰোধিতাৰে টুইট কৰি কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক সমৰ্থন কৰিছিল।

ইয়াৰ পিছতে দেশৰ আন কিছুসংখ্যক চেলিব্ৰেটিৰ সৈতে বলিউদৰ অভিনেতা অজয় দেৱগণো অনুৰাগীৰ লগতে দেশৰ জনসাধাৰণৰ বিৰাগ ভাজন হৈ পৰিছে।

ইফালে অজয় দেৱগণৰ ব্যক্তিগত সচিবে দিল্লীৰ পাবত সাধাৰণ লোকৰ আক্ৰমণৰ বলি হোৱা লোকজন অজয় দেৱগণ নহয় বুলি দাবী কৰিছে।

আনহাতে অজয় দেৱগণেও এই ঘটনাত আক্ৰমণৰ বলি হোৱা লোকগৰাকী তেওঁ নহয় বুলি দাবী কৰিছে।

টুইটাৰত টুইট কৰি অজয় দেৱগণে উল্লেখ কৰিছে যে তেওঁ মুম্বাইৰ পৰা বাহিৰলৈ যোৱা নাই আৰু আক্ৰমণৰ বলি হোৱা লোকজন তেওঁৰ দৰে দেখা অন্য কোনো লোকহে।

এই ভিডিঅ’টো ভিত্তিহীন বুলিও দাবী কৰিছে বলিউদৰ অভিনেতাগৰাকীয়ে।

যদি এই প্ৰহৃত লোকজন অজয় দেৱগণ নহয়, তেনে কোনে কি উদেশ্যৰে এই ভিডিঅ’টো ভাইৰেল কৰিলে সেয়া এতিয়াও স্পষ্টভাৱে জানিব পৰা হোৱা নাই।

Related News