NORTHEAST NOW (Assamese)

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

May 31, 2025 5:55 pm · নৰ্থ-ইষ্ট নাও গুৱাহাটী
Updated: May 31, 2025 6:07 pm

গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান সংযোগৰ কথিত অভিযোগ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চ সদনৰ সদস্য অজিত কুমাৰ ভূঞাই। সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত তেওঁ কয় – গৌৰৱ গগৈ সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে না না তথ্য প্ৰদান কৰি আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত ভূপেন বৰা, ৰিপুণ বৰা আৰু গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান জনাইছে। মই এটা দিশ উন্মোচিত কৰিব খুজিছো, এটা তদন্ত যেতিয়া চলি থাকে তেতিয়া তদন্তৰ সময়ত তথ্যবোৰ লুকুৱাই ৰখা হয়। তদন্ত সম্পূৰ্ণ নোহৱালৈকে তাৰ তথ্য সমূহ গোপনে ৰখা হয়।

ভূঞাই কয় যে চৰকাৰে এছ আই টি গঠন কৰিছে। এছ আই টিয়ে তথ্য সংগ্ৰহ কৰিছে। এতিয়াও অভিযোগনামা দাখিল হোৱা নাই। অভিযোগনামা দাখিল নকৰাকৈ সেই তথ্য আনে গম পাব নোৱাৰে। এইটো সকলোৱে জনা কথা। কিন্তু স্বয়ং মুখ্যমন্ত্ৰীয়ে তদন্তৰ তথ্য প্ৰতিদিনে ফাদিল কৰি আছে। ই সম্পূৰ্ণ উদ্বেগজনক আৰু আইনবিৰোধী কথা। কিন্তু এতিয়া অসমত কোনো নৈতিকতা আৰু আইনৰ কথা নোহোৱা হৈছে।

অজিত কুমাৰ ভূঞাই প্ৰশ্ন কৰে যে কি কাৰণে মুখ্যমন্ত্ৰীয়ে অনুসন্ধানৰ তথ্য দৈনিক ৰাজহুৱা কৰি আছে? কি ৰাজনীতি আছে ইয়াৰ আঁৰত? আইন, গণতন্ত্ৰ আৰু প্ৰশাসনৰ বাবে ই ভয়ংকৰ কথা। এতিয়া অসমৰ বিভিন্ন ঠাই যেনে কাৰ্বি আংলং, ডিমা হাচাও, মিকিৰ বামুণী, ৰাভা হাচং আদিত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই কথাবোৰে যিমান গুৰুত্ব পাব লাগিছিল, সিমান গুৰুত্ব পোৱা নাই। কাৰ্বি আংলঙত ২৩০০ মানুহক উচ্ছেদ কৰি ১৮০০০ বিঘা মাটি আদানীক দিব খোজা হৈছে। আদানী, আম্বানী, ৰামদেৱ, জয় শ্বাহৰ দৰে ব্যক্তিক অসমখন গটাই দিবলৈ খোজা হৈছে। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে কৌশলেৰে হাজাৰ হাজাৰ বিঘা মাটি পুঁজিপতিক গতাই দিব খুজিছে। তাৰপিছত খিলঞ্জীয়া মানুহক সুৰক্ষা দিব নোৱাৰা চৰকাৰখনে তেওঁলোকৰ হাতত অস্ত্ৰ তুলি দিবলৈ খুজিছে। নাগৰিকক সুৰক্ষা দিব নোৱাৰি হাতত বন্দুক তুলি দিব খোজা চৰকাৰৰ ক্ষমতাত থকা নৈতিক অধিকাৰ নাই।

Related News