NORTHEAST NOW (Assamese)

বিজেপিৰ ৱাশ্বিং মেচিনত নিকা হ’ল অজিত পাৱাৰ : ক্লীন শ্বীট পালে ১০০০ কোটিৰ কেলেংকাৰীত

December 8, 2024 4:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 8, 2024 4:27 pm

বিজেপিৰ মহিমা অপাৰ। বিজেপিৰ বন্ধু হ’লে মাফ সাত খুন।  মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰাৰ এদিন পাছতে অজিত পাৱাৰক ক্লিন শ্বীট প্ৰদান কৰিলে আয়কৰ বিভাগে। ১০০০ কোটি টকীয়া বেনামী সম্পত্তিৰ অভিযোগত অজিত পাৱাৰক ক্লিনশিট প্রদান কৰিছে কেন্দ্ৰীয় আয়কৰ বিভাগে।

২০২১ চনৰ কথা। আয়কৰ বিভাগে জব্দ কৰিছিল অজিত পাৱাৰৰ প্ৰায় ১০০০ কোটি টকাৰ সম্পত্তি। তাৰপিছতে চলিছিল তদন্ত। কিন্তু যোৱা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রীৰূপে শপতগ্রহণ কৰাৰ পাছত অজিত পাৱাৰক ক্লীন শ্বীট দিছে আয়কৰ বিভাগে।

এই গোচৰৰ পৰা মুক্ত হৈ অজিত পাৱাৰে কয় যে সদায় অভিযোগ উঠিলেই সঁচা বুলি ভাবিব নালাগে।

উল্লেখ্য যে এই গোচৰত ক্লীন শ্বীট পোৱাৰ পিছতেই জব্দীকৃত সম্পত্তি ঘূৰাই দিয়া হৈছে অজিত পাৱাৰৰ পৰিয়ালক।

Related News