গো-মাংস বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে হাহাকাৰ লাগিছে শিৱসাগৰ ৰাজমাই গৰু বজাৰত । গৰু বিক্ৰী কৰিব নোৱাৰি ঘৰৰ গৰু ঘৰলৈ লৈ উভটিছে খেতিয়ক।
কিন্তু এতিয়া গো মাংস নিষিদ্ধ কৰাৰ পিছতেই যেন লাঠ পৰিছে অসমীয়া খেতিয়কৰ পেটত। গৰুৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস হোৱাত গো-পালক সকল বিপদত পৰিছে গৰু বিক্ৰী কৰিব নোৱাৰি ।
লক্ষ্যণীয় যে উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰু বজাৰ খনেই হ’ল ৰাজমাইৰ গৰু বজাৰ।
শিৱসাগৰ , ডিব্ৰুগড় , চৰাইদেউ, লক্ষীমপুৰ , ধেমাজী তিনিচুকীয়া জিলাৰ শ শ গো-পালকে ৰাজমাই বজাৰলৈ আনে গৰু। বৰ্তমান গো-মাংস নিষিদ্ধ কৰাত প্ৰভাৱ পৰিছে এই বজাৰত । উল্লেখ্য যে গৰু নিষিদ্ধ হোৱাৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিছে একাংশ গোপালকে।
ৰাজনৈতিক নেতাৰ মাজত লগা অৰিয়া অৰিৰ বাবেই গো-পালক সকল বিপদত পৰিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্য জনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজ তথা বেপাৰীসকলে। গৰু বিক্ৰী কমি যোৱাৰ বাবে জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিছে এইসকল কৃষকৰ। লগতে অচিৰেই নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী জনাইছে খেতিয়ক সকলে।