দিল্লীত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া গৃহৰাজ্যত উপস্থিত

অজিত শইকীয়া

অৱশেষত বোকাখাতৰ কহঁৰা কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হয় দিল্লীত কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া আৰু তেওঁলোকৰ সৈতে দিল্লীলৈ যোৱা কংকন জ্যোতি বৰা ৷

কাজিৰঙাৰ কহঁৰাৰ জোনাকী কাৰেং অতিথি শালাত গোলাঘাট জিলা প্ৰশাসনে প্ৰতিষ্ঠা কৰা কোৱাৰেণ্টাইন চেণ্টাৰত শুকুৰবাৰে দুয়ো উপস্থিত হয় ৷

উল্লেখযোগ্য যে, পত্নী বন্তি শইকীয়াৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা স্বামী অজিত শইকীয়া দিল্লীতে কোভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈ দিল্লীৰ লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়ত মৃত্যুক আকোৱালি লৈছিল।

তেৰ দিন চিকিৎসালয়ৰ মৰ্গতে পৰি আছিল অজিত শইকীয়াৰ মৃতদেহ ৷

অসম এছ’চিয়েচনৰ উদ্যোগত তেৰ দিনৰ অন্তত মৃতদেহ চিনাক্ত কৰণ হোৱাৰ লগতে ১৯ মে’ত উত্তৰ দিল্লীৰ নিগম বৌদ্ধ ঘাটৰ শ্মশানত অজিত শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

ইপিনে, বোকাখাতৰ যুৱনেতা আকাশ ফুকনৰ বিশেষ উদ্যোগত অসম এছ’চিয়েচনে ব্যৱস্থা কৰি দিয়া এখন ইন’ভা গাড়ীৰে বন্তি শইকীয়া আৰু কংকনজ্যোতি বৰাই দিল্লীৰ পৰা আহি কহঁৰাত উপস্থিত হয় ৷

সুদীৰ্ঘ ৭৮ দিনৰ অন্তত শুকুৰবাৰে বোকাখাতত উপস্থিত হৈ অসমবাসী ৰাইজৰ লগতে যুৱনেতা আকাশ ফুকনক ধন্যবাদ জনায় কংকনজ্যোতি বৰাই ৷

সম্প্ৰতি কহঁৰাৰ কোৱাৰেণ্টাইন কেন্দ্ৰতে আছে কংকনজ্যোতি আৰু বন্তি শইকীয়া ৷