আৰ্তজনৰ বাবে আজমল ফাউণ্ডেচনৰ ‘হেল্লো আজমল’ আঁচনি

এটা ফোন কলতে দৰিদ্ৰ কোভিড আক্ৰান্তক যোগান ধৰিব খাদ্য

pklklk

কোভিড সৃষ্ট পৰিস্থিতিৰ মাজত আজমল ফাউণ্ডেচনৰ এক আকৰ্ষণীয় পদক্ষেপ।আৰ্তজনলৈ আজমল ফাউণ্ডেচনৰ ‘হেল্লো আজমল’ আঁচনি।এটা ফোন কলতে দৰিদ্ৰ কোভিড আক্ৰান্তক যোগান ধৰিব খাদ্য।

এই আঁচনিৰ যোগেদি এটা ফোন কালতে উপলভধ হ’ব সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা আৰু ঔষধ।খাদ্য সামগ্ৰীৰ অভাৱ হ’লে যোগান ধৰিব আজমল ফাউণ্ডেচনে।

পৰিয়ালৰ উপাৰ্জনকাৰী যদি কোভিড ৰোগত আক্ৰান্ত হয়, তেনেহলে আজমল ফাউণ্ডেচনে যোগান ধৰিব খাদ্যসামগ্রী।মাথোঁ এটা ফোন কালতে ঘৰতে যোগান ধৰিব খাদ্যসামগ্ৰী।

হেল্লো আজমল আঁচনিৰ সৈতে যোগাযোগ কৰিবলৈ ফোন নম্বৰ কেইটা হ’ল- 9394746234 আৰু 9394891480 । এই আঁচনি খন হোজাইত আনুষ্ঠানিক ভাবে মুকলি কৰা হৈছে।

কোভিড ৰোগীৰ বাবে সকলো সুবিধা কৰি দিয়া হ’ব বুলি এই মহৎ কৰ্মৰ সৈতে জৰিত ব্যক্তিসকলে প্ৰকাশ কৰিছে।ৰোগীক এম্বুলেন্স যোগে চিকিৎসালয়লৈ নিয়াৰে পৰা আদি কৰি চিকিৎসালয়ত সকলো সুবিধা কৰিব আজমল ফাউণ্ডেচনে।

ইতিমধ্যে বহু পৰিয়ালক খাদ্যসামগ্ৰী যোগান ধৰিছে আজমল ফাউণ্ডেচনে।