State Blind Cricket Team ৰাজ্যিক দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ টীয়কৰ অজয়ৰ; উৎফুল্লিত মনোময় চাহ বাগিচা বাসী

blind cricketer Ajoy

ৰাজ্যিক দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ কৰা টীয়কৰ অজয় মুণ্ডা। ফটো: নৰ্থইষ্ট নাও।

State Blind Cricket Team অহা ২৪ অক্টোবৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা অসম দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে যোৰহাট জিলাৰ টীয়কৰ মনোময় চাহ বাগিচাৰ অজয় মুণ্ডাই।

পোন প্ৰথমবাৰৰ বাবে দৃষ্টিহীন সকলক লৈ গঠন কৰা অসমৰ ক্ৰিকেট দলটোত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱা অজয়ক লৈ উৎফুল্লিত মনোময় চাহ বাগিচাৰ বাসিন্দা সকল।

গুৱাহাটীত অনুষ্ঠিত হোৱা অনুশীলনত ভাগ লোৱা প্ৰায় ৪০ গৰাকী খেলুৱৈৰ মাজৰ পৰা নিৰ্বাচন কৰা ১৪ গৰাকী খৈলুৱৈৰ ভিতৰত অজয় অসম দলৰ অন্যতম এজন খেলুৱৈ।

ইতিমধ্যে ঘৰতে অনুশীলনত ব্যস্ত আছে অজয়। অজয়ৰ এই সফলতাত এতিয়া টীয়কবাসী গৌৰৱাম্বিত।

উল্লেখযোগ্য যে বৰ্তমান স্নাতক প্ৰথম ষান্মাসিকত অধ্যয়ন কৰি থকা অজয়ে ক্ৰিকেটৰ উপৰিও কেৰমবৰ্ড, ফুটবল আদি খেলৰ প্ৰতি আগ্ৰহী। লগতে সাংস্কৃতিকভাৱেও সক্ৰিয় অজয় তবলাত বিশাৰদ।

Also Read: T-20 World Cup ঈশান কিষাণৰ দুৰ্দান্ত ফৰ্ম; ৱাৰ্ম আপত ইংলেণ্ডক হৰুৱাই মসৃন যাত্ৰা টীম ইণ্ডিয়াৰ

চাহ বাগিচা অঞ্চলত বিশেষ কোনোধৰণৰ সা-সুবিধা নথকা সত্তেও অজয়ে নিজৰ মানসিক শক্তিৰ বলত আজি নিজকে অসম দলত অন্তৰ্ভূক্ত কৰি এজন সফল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা হ’বলৈ সক্ষম হৈছে।

অনাগত দিনতো অজয়ে অধিক অধ্যৱসায়ৰ জড়িয়তে টীয়ক তথা অসমৰ নাম আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে।

সেয়ে এই ক্ষেত্ৰত সদৌ অসমবাসীৰ আৰ্শীবাদ কামনা কৰিছে উদিয়মান খেলুৱৈখৰাকীয়ে।