• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিডৰ গইনালৈ অসমত বিয়াগোম কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ অভিযোগৰ আঙুলি অজাপৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ, কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 2, 2022 6:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত্ৰাস কৰ’না মহামাৰীৰ বাবে যি সময়ত সমগ্ৰ অসমৰ ৰাইজ দুৱাৰ মাৰি ঘৰত সোমাই থাকিবলগীয়া হৈছিল, তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰে কেইগৰাকীমান ঘনিষ্ঠ ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ কৰি ধনী হৈছিল৷ – এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ৷

বৃহস্পতিবাৰে দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত, তেওঁৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ ব্যক্তি জড়িত হৈ থকা কোম্পানীয়ে অবৈধভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এন এইচ এমৰ পৰা পি পি ই কিট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল আৰু উক্ত সামগ্ৰী বজাৰ দৰতকৈ ৪৩১ শতাংশলৈকে অধিক মূল্যত যোগান ধৰি অত্যধিক মুনাফা আদায় কৰিছিল৷”

লগতে পঢ়ক: লক্ষ্য মুখ্যমন্ত্ৰী! পি পি ই কীট পিন্ধি ধৰ্ণা প্ৰদেশ কংগ্ৰেছৰ; চিবিআই-ইডিৰ দ্বাৰা তদন্তৰ দাবী

জাতীয় পৰিষদে কোভিডকালীন ব্যয়ৰ যাৱতীয় খৰচৰ হিচাপ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোনোবা প্ৰতিষ্ঠানৰ দ্বাৰা কৰোৱাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক দাবী জনায়৷

ক’ভিডৰ সময়ত ৰিণিকী ভূঞা শৰ্মাৰ জে বি এছ ইণ্ডাষ্ট্ৰীজ আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঘনশ্যাম ধানুকাৰ মেডিটাইম হেল্থকেয়াৰ লিঃয়ে এন এইচ এমৰ পৰা স্বাভাৱিকতকৈ ৬৫ শতাংশ অধিক দৰত পি পি ই কিট আৰু অন্য চিকিৎসা সামগ্ৰী ক্ৰয় কৰিছিল৷ আনহাতে, এন এইচ এমে ধনুকাৰ কোম্পানী জি আৰ ডি ফাৰ্মাচিউটিকেলছে ৪৩১ শতাংশ অধিক দামত চেনিটাইজাৰ ক্ৰয় কৰিছিল বুলি গগৈয়ে পুনৰ কয়।

এন এইচ এমে ৫০০ মিঃ লিঃৰ যিটো চেনিটাইজাৰৰ বটল অন্য কোম্পানীৰ পৰা মাত্ৰ ৯৪.৪০ টকা দৰত ক্ৰয় কৰিছিল, সেই একেই ছেনিটাইজাৰ ধনুকাৰ কোম্পানীৰ পৰা ক্ৰয় কৰিছিল ২৩১.৮৭ টকা দৰত৷ ৰিণিকী ভূঞা শৰ্মা আৰু ঘনশ্যাম ধনুকা তথা তেওঁৰ পিতৃ অশোক ধনুকাৰ মাজৰ ব্যৱসায়িক সম্পৰ্কৰ বিষয়েও বিস্তৃত তথ্য উক্ত সংবাদ প্ৰতিষ্ঠান দুটাই ৰাজহুৱা কৰে৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত ফাৰ্মক উচ্চ হাৰত দিয়া হৈছিল চেনিটাইজাৰৰ বেছিভাগ অৰ্ডাৰ’: দাবী প্ৰতিবেদনৰ

তেওঁ পুনৰ কয়, “অসমৰ ৰাইজক ক’ভিডৰ নামত পণবন্দী কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়াল আৰু তেওঁৰ অতি ঘনিষ্ঠ ধনুকা পৰিয়ালক মুনাফা লাভৰ সকলো সুবিধা কৰি দিয়া বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন।”

অসম জাতীয় পৰিষদে ইতিপূৰ্বে পি পি কিট যোগানৰ বাবদ হোৱা অনিয়ম, ক’ভিড প্ৰতিৰোধৰ নামত হোৱা সকলো খৰচৰ কোনোবা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবীৰে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

এইবাৰ চেনিটাইজাৰ যোগানৰ নামত নতুন কেলেংকাৰী পোহৰলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰীলৈ দলে পুনৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰি পূৰ্বৰ দাবী দোহাৰিব বুলিও গগৈয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: দৰা নোহোৱাকৈ বিয়া যুৱতীৰ! অৱশেষত বিয়াৰ দিন ঠিক কৰি হনিমুনৰ সিদ্ধান্তও ল’লে বিন্দুৱে

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁলোকৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নাম জড়িত হৈ থকা আৰ বি ৰিয়েলটর্ছ নামৰ কোম্পানীটোৰ কলকাতাস্থিত এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে লেনদেন আছে যাৰ সৈতে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অলপতে গ্ৰেপ্তাৰ হোৱা মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ তথাকথিত অবৈধ লেনদেনৰ সম্পর্ক থকাৰ অভিযোগ উত্থাপন হৈছিল, সেই বিষয়টোও তদন্তৰ আওতালৈ আনিব লাগে৷” লুৰীণজ্যোতি গগৈয়ে লগতে কয়।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd