• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড পৰিস্থিতিত নিবনুৱা হ’ল ৮ হাজাৰ খিলঞ্জীয়া ডেকা; কেব চালকৰ ঋণৰ কিস্তি ৰেহাইৰ দাবী অজাপৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2021 10:29 am
WhatsApp-Image-2020-09-14-at-11.46.15-AM-750x375
196
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ কেবচালকসকলে উত্থাপন কৰা দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদ দলে৷

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে মহানগৰীত কেব চালক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা যুৱকসকল মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সন্তান৷ নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে উক্ত খিলঞ্জীয়া কেব চালকসকলৰ সমস্যাসমূহ সমাধান কৰি জাতিৰ প্ৰতি থকা দায়বদ্ধতা প্ৰমাণ কৰা উচিত।

প্ৰেছ বিবৃতিটোত ভূঞাই কয় যে কোভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত ৰাজ্যৰ যিকেইটা খণ্ডৰ লোক সৰ্বাধিক পৰিমাণে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ কেব চালকসকল অন্যতম৷

বেংকৰ পৰা লোৱা ঋণেৰে গাড়ী কিনি অ’লা, উবেৰ, ৰেপিড’ আদি টেক্সি কোম্পানীৰ অধীনত ভাৰা মাৰি পৰিয়াল চলাই থকা এই কেব চালকসকলৰ সংখ্যা ৮ হাজাৰতকৈ অধিক৷

কোভিড অতিমাৰীৰ বাবে চৰকাৰে আৰোপ কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত এই কেব চালকসকল নিবনুৱা হৈ পৰিছে।

যিহেতু তেওঁলোকে গাড়ীসমূহ বেংক বা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল, সেয়ে বৰ্তমানে ভাৰা মাৰিব নোৱাৰাৰ ফলত উক্ত ঋণৰ মাহিলী কিস্তি দিয়াটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছে। অথচ ঋণদাতা প্ৰতিষ্ঠানে কেবচালকসকলক মাহিলী কিস্তি আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে।

যোৱা বছৰৰ কোভিড অতিমাৰীৰ প্ৰথমটো লহৰৰ সময়ত নিবনুৱা হৈ পৰা কেব চালকসকলৰ ৬-৭ মাহলৈকে মাহিলী কিস্তি অনাদায় হৈ আছিল যিটোৰ বোজা তেওঁলোকে আজিলৈকে মূৰৰ ওপৰৰ পৰা আঁতৰাব পৰা নাই। তাৰ পিছত এইবাৰ কৰ’ণা অতিমাৰীৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিয়ে তেওঁলোকৰ ওপৰত আন এটা অসহনীয় বোজা জাপি দিলে।

“কেব চালকসলৰ সংগঠন সদৌ অসম কেব মজদুৰ সংস্থাই বুধবাৰে কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে অৱগত কৰি কিছুমান দাবী উত্থাপন কৰে। তাৰ ভিতৰত কেব চালকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা, তেওঁলোকক কোভিড ভেকচিন প্ৰদান কৰা, তেওঁলোকৰ বেংকৰ কিস্তিৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা, ঋণৰ অতিৰিক্ত সুত ৰেহাই দিয়া আৰু মিটাৰ টেক্সি ব্যৱস্থা প্ৰৱৰ্তন কৰা অন্যতম৷ এই দাবীসমূহ চৰকাৰে তৎকালে পূৰণ কৰা উচিত৷”- ভূঞাই কয়৷

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd