ৰাজনৈতিক পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বৃহৎ ভূমি কেলেংকাৰী ফাদিল হৈছে-লুৰীণজ্যোতি গগৈ

মাটিৰ প্ৰধান দালাল কেইটা দিছপুৰতে বহি আছে— জগদীশ ভূঞা

বুধবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি দখলৰ কথা ৰাজনৈতিক পৃষ্ঠপোষকতাত হোৱা বুলি অভিযোগ তুলি ইয়াক বৃহৎ ভূমি কেলেংকাৰী বুলি মন্তব্য কৰে।

তেওঁ কয় “১৯৮৯ চনৰ ভূমি নীতি অনুসৰি চৰকাৰী মাটি ৰাজহুৱা প্ৰতিষ্ঠানক দিলে তিনিবছৰলৈকে ক্ৰয়- বিক্ৰয় কৰিব নোৱাৰে।
অসমৰ ৰবাৰ্ট বাদ্ৰা স্বৰূপ স্বয়ং মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা বুলিও উল্লেখ কৰে গগৈয়ে।

ৰিণিকী ভূঞা শৰ্মাৰ মোমায়েকৰ নামো সাঙুৰ খাইছে ভূমি কেলেংকাৰীৰ মাজেদি হোৱা অবৈধ টকাৰ হস্তান্তৰত। ৰিণিকী ভূঞা শৰ্মাৰ মাতৃলৈও টকা হস্তান্তৰ হোৱাৰ অভিযোগ কৰে অসম জাতীয় পৰিষদে।

এই গোটেই প্ৰক্ৰিয়াটোত নাম সাঙোৰ খাই পৰা মানুহৰ এখন দীঘলীয়া তালিকা আছে বুলিও উল্লেখ কৰে গগৈয়ে।এই গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে ধনৰ অবৈধ সৰবৰাহো চলিছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ অঙহী বঙহীয়ে চলাইছিল অবৈধ ধনৰ সৰবৰাহ। তথ্য প্ৰমাণৰ ভিত্তিত উঠা এই অভিযোগৰ স্পষ্টীকৰণ ২৪ ঘন্টাৰ ভিতৰত চৰকাৰক দিবলৈ দাবী অসম জাতীয় পৰিষদৰ।

লগতে সমগ্ৰ ঘটনা CBI, ED ৰ হতুৱাই তদন্তৰ দাবী জনাই নেতাজনে। ১৭ টা কোম্পানীয়ে এই গোটেই প্ৰক্ৰিয়াটো চলোৱাৰ অভিযোগ কৰে তেওঁ।মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ক’ত ক’ত বাগান খোল খাইছে, ক’ত ক’ত ঔষধৰ ব্যৱসায় চলিছে সকলো ফাদিল হ’ব লাহে লাহে বুলি গগৈয়ে উল্লেখ কৰে।

জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ জ্ঞাতে এই কাম সম্পন্ন হৈছে। চৰকাৰীভাৱে এই ভূমি কেলেংকাৰী হৈছে আৰু লগত ইয়াৰ লগত টকাৰ অবৈধ লেনদেনৰ বিষয়টো সাঙোৰ খাই পৰিছে।

মাটিৰ প্ৰধান দালাল কেইটা দিছপুৰতে বহি আছে বুলি মন্তব্য কৰে জগদীশ ভূঞাই।

এই গোটেই ঘটনাৰ তদন্ত নহ’লে অসমৰ ৰাইজে ভাৱিবলৈ বাধ্য হ’ব ৰাজনৈতিক ভাৱে শক্তিশালী সকলক আইন- আদালতে একো কৰিব নোৱাৰে বুলিও তেওঁ কয়।