অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ দুটা সমষ্টিত মনোনয়ন দাখিল; দুয়োটা সমষ্টিতে জয়ী হোৱাৰ দাবী

Screenshot_20210308-165841~2

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সমৰ্থকৰ বিশাল সমদলেৰে সোমবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত জিলা নিৰ্বাচন বিষয়াৰ হাতত দুয়োটা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।

সমৰ্থকসকলে হাতে হাতে প’ষ্টাৰ আৰু দলৰ পতাকা লৈ ‘অসম জাতীয় পৰিষদ জিন্দাবাদ’, ‘লুৰীণজ্যোতি গগৈ জিন্দাবাদ’ ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তোলে।

উল্লেখ্য যে অজাপৰ সভাপতি গৰাকীয়ে ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

মনোনয়ন পত্ৰ দাখিল কৰি অজাপৰ সভাপতিগৰাকীয়ে দুয়োটা সমষ্টিতে বিপুল পৰিমাণৰ ভোটৰ ব্যৱধানত বিজয়ী হ’ম বুলি সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰ দাবী কৰে।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় “এইবাৰ আঞ্চলিক শক্তি জয়ী হ’ব আৰু বিজেপি চৰকাৰক উৎখাত কৰি আঞ্চলিক দলসমূহে অসমত চৰকাৰ গঠন কৰিব। সাম্প্ৰদায়িক ৰাজনীতিৰ বাবেই বিজেপি চৰকাৰক এইবাৰ জনসাধাৰণে ক্ষমতাচ্যুৎ কৰিব।”

“ৰাইজে মোক দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাতো বিচাৰিছে। জন্মলগ্নৰে পৰা দলটোৱে অসমৰ ৰাইজৰ মৰম স্নেহ লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল আঞ্চলিকতাবাদেহে অসমৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰিব।” লুৰীণজ্যোতি গগৈয়ে লগতে কয়।

আনহাতে দুয়োটা সমষ্টিত কেবাজনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও তেওঁকে ৰাইজে বিধানসভালৈ নিৰ্বাচিত কৰি পঠাব বুলি দাবী কৰিছে লুৰীণজ্যোতি গগৈয়ে।

ইফালে দুলিয়াজানৰ বৰ্তমানৰ বিজেপি বিধায়ক তথা প্ৰাৰ্থী তেৰশ গোৱালাইয়ো জিলা নিৰ্বাচন বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে।

“মোৰ সমষ্টিত ময়ে জয়ী হ’ম। কাৰণ মোৰ সমষ্টিত কোনো শক্তিশালী বিৰোধী প্ৰাৰ্থী নাই।” তেৰশ গোৱালাই কয়।