‘ধৰ্মীয় মেৰুকৰণৰ পৰা মুক্ত কৰি অসমৰ সাতামপুৰুষীয়া এক্য-সম্প্ৰীতিৰে অটুত ৰাখিব লাগিব’; এজেপিৰ সভাপতি লুৰণীজ্যোতি গগৈ

index.jpgz

ধৰ্মীয় মেৰুকৰণৰ নাগপাশত যাতে অসমীয়া ৰাইজ বলি নোহোৱাকৈ এইখন অসমত আমাৰ সাতামপুৰুশীয়া আমাৰ ঐক্য, সমন্বয় আৰু সম্প্ৰীতি অটুত থকাকৈ আমি আগন্তুক সময়ত আগুৱাই যাৱ লাগিব। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

জাগীৰোড নগৰত আজি এই মত প্ৰকাশ কৰে আছুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ হাতত অসম কেতিয়াও সুৰক্ষিত নহয়।

শাসকীয় গেৰুৱা বাহিনীক ক্ষুৰধাৰ সমালোচনা কৰি গগৈয়ে আৰু কয় যে ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰক ওফৰাই আগন্তুক ‘২১ৰ নিৰ্বাচনত অসমত জাতীয়তাবাদৰ চৰকাৰ হোৱাতো নিশ্চিত।

তাৰ বাবে হিন্দু, মুছলমান, শিখ, জৈন আদি সকলো সম্প্ৰদায়ৰ লোকে দেশৰৰ সংবিধান প্ৰদত্ত অধিকাৰ লৈ নিজৰ সামাজিক, কৃষ্টি সংস্কৃতি তথা সমন্বয়ৰ দৃষ্টিভংগীৰে আগুৱাই যাৱ লাগিব বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে।

নিজৰ অধিকাৰ সুৰক্ষিত কৰি কৃষ্টি-সংস্কৃতিলৈ আনৰ দৰে ভিজ’ন ডুকুমেণ্ট’ আধাৰত কাম নকৰাৰ পোষকতা কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

অসমৰ জনগণৰ সমস্যাক লৈ বৃহৎ নদীবান্ধৰ সমস্যা, বান-গড়াখহনীয়াৰ সমস্যা সমাধানৰ দিশত পৰিকল্পিত অৰ্থনৈতিক বুনিয়াদ মজবুত কৰাৰ বাবে নিঁখুত পৰিকল্পনাৰে অসমৰ সমাজ জীৱনক আগুৱাই লৈ যোৱাই অসম জাতীয় পৰিষদৰ মুল লক্ষ্য বুলি নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে মতব্য কৰে।

উল্লেখ্য যে সহস্ৰাধিক দলীয় নেতা কৰ্মীয়ে জাগীৰোডত আজি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীক আদৰণি জনায়।