NORTHEAST NOW (Assamese)

‘হিন্দু সাম্প্ৰদায়িকতাবাদক মুছলমান সাম্প্ৰদায়িকতাবাদৰ পিঠিত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে’-কংগ্ৰেছক কটাক্ষ লুৰীণৰ

May 6, 2021 5:12 pm · কল্পজ্যোতি শইকীয়া

জন্ম হৈ প্ৰথম নিৰ্বাচন খেলাৰ পাছত পৰাজয়বৰণ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছে নিজৰ ভুলৰ বাবেই নিৰ্বাচনত পৰাস্ত হ’বলগীয়া হ’ল বুলি আজি এক সংবাদমেলযোগে কটাক্ষ কৰে।

লুৰীণে কয়, ‘হিন্দু সাম্প্ৰদায়িকতাবাদক মুছলমান সাম্প্ৰদায়িকতাবাদৰ পিঠিত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে।‘

‘নিজৰ পৰাজয়ৰ দুৰ্বলতা কাৰোবাৰ গালৈ ঠেলি দি এই দোষৰ পৰা সাৰিব নোৱাৰে। আমি সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ পৰা দূৰত থাকিম।‘ অজাপৰ বাবে নিৰ্বাচনত পৰাজিত হোৱা বুলি কংগ্ৰেছে কৰা দাবীৰ প্ৰত্যুত্তৰত লুৰীণজ্যোতি গগৈয়ে এইদৰে কয়।

ইপিনে, সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি এটাক প্ৰতিহত কৰিবৰ কাৰণে আন এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বোকোচাত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে বুলি পূৰ্বৰে পৰা অসম জাতীয় পৰিষদে কৈ আহিছিল বুলি তেওঁ উল্লেখ কৰে।

আনহাতে,সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয় দলৰ পৰা অসম জাতীয় পৰিষদে সমদূৰত্ব অক্ষুণ্ণ ৰাখিব বুলি উল্লেখ কৰি লুৰীণে পুনৰ কয়, ‘বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছ এটা সাম্প্ৰদায়িক শক্তিৰ বোকোচাত উঠি যি ৰাজনীতি কৰিলে তাৰ বাবেই বিজেপি শাসনৰ গাদীলৈ অহাৰ বাট প্ৰশস্ত কৰিলে।‘

অজাপৰ স্থিতি আজিও স্পষ্ট বুলি দাবী কৰি লুৰীণে কয়, ‘আমি একেলগে হিন্দু সাম্প্ৰদায়িকতাবাদ আৰু মুছলমান সাম্প্ৰদায়িকতাবাদ দুয়োটাৰে বিৰোধিতা কৰো। দুয়োটাৰে অৱসান ঘটাই অসমত সমন্বয়বাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বদ্ধপৰিকৰ।‘

‘আমি যুঁজিম আৰু আমি জিকিম’ এই মানসিকতাৰে অসম জাতীয় পৰিষদ আগন্তুক দিনত আগবাঢ়ি যাব বুলি লুৰীণে কয়।

ইয়াৰোপৰি, অসমত ভাল সমাজ আৰু সুস্থ গণতন্ত্ৰৰ বাবে সাম্প্ৰদায়িকতাৰ উৰ্দ্ধলৈ গৈ স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব বুলি লুৰীণে কয়।

ইপিনে, প্ৰায় ৭ লক্ষাধিক ভোটাৰে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ পক্ষত মতদান কৰা বুলি জানিবলৈ দি লুৰীণে সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনায়।

তেওঁ আৰু কয়, ‘অসমৰ সুস্থ সমাজ আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ হ’লে জাতীয়তাবাদৰ বিকল্প নাই। অসম জাতীয় পৰিষদৰ ধাৰা আগন্তুক দিনত অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব।‘

Related News