অসম জাতীয় পৰিষদৰ ইস্তাহাৰ প্ৰকাশ, অসমবাসীলৈ কি কি দিলে প্ৰতিশ্ৰুতি?

অসম জাতীয় পৰিষদৰ ইস্তাহাৰে অসমবাসীলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিব পাৰিব নে?

ajp

অসম জাতীয় পৰিষদে আজি বিয়লিভাগত প্ৰকাশ কৰি উলিয়াই ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ।

দলটোৰ মুখ্য আহ্বায়ক ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য্য আৰু বসন্ত ডেকাই এই ইস্তাহাৰ ৰাইজলৈ বুলি আগবঢ়াই দিয়ে।

ইস্তাহাৰত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত তথা বিদেশী বিতাৰণ সন্দৰ্ভত উল্লেখ কৰা হৈছে এইদৰে ‘অসম চুক্তি সময় নিৰ্ধাৰিতভাৱে কাৰ্য্যকৰী কৰা হ’ব। অবৈধ প্ৰব্ৰজনেৰে অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন আনিব খোজা সকলোবোৰ প্ৰচেষ্টাৰ প্ৰতিৰোধ, নাগৰিকত্ব সংশোধনী আইন ২০১৯ কেতিয়াও অসমত কাৰ্য্যকৰী হ’বলৈ দিয়া নহ’ব, অসমৰ বাবে এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰা কামটো অতি শীঘ্ৰে সম্পূৰ্ণ কৰা হ’ব।‘

ইপিনে, বিত্তীয় ব্যৱস্থা সন্দৰ্ভত ইস্তাহাৰত উল্লেখ কৰি কয় ‘অসমৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন ঘটাই জনসাধাৰণক ইয়াৰ অংশীদাৰ কৰি তোলা হ’ব। এই বিষয়ত দেশ বিদেশৰ খিলঞ্জীয়া অৰ্থনীতিবিদ আৰু সমাজ বিজ্ঞানীসকলৰ সৈতে বিস্তৃত ৰূপত মত বিনিময় কৰা হ’ব।

‘পুঁজিৰ বহিৰ্গমন কমাই অনা হ’ব। ঋণৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনি জাতীয় পুঁজি আৰু সম্পদ বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘ অসম জাতীয় পৰিষদৰ ইস্তাহাৰত উল্লেখ।

ইপিনে, অসমৰ যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ দিশটোত সৰ্বাধিক গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰি অজাপই ইস্তাহাৰত কয় ‘কৃষিভিত্তিক অৰ্থনীতি আৰু লঘু তথা মজলীয়া উদ্যোগৰ পৰিকল্পিত বিকাশেৰে নিয়োগ, স্বনিয়োগৰ এক ব্যাপক ব্যৱস্থা গঢ়ি তোলা হ’ব। সকলো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানে নিয়োগ বিনিময় কেন্দ্ৰত তেওঁলোকৰ খালী পদৰ জাননী দিয়াটো বাধ্যতামূলক কৰা হ’ব।

‘ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, অৰ্ধ-কেন্দ্ৰীয় চৰকাৰ, ৰাজহুৱা খণ্ড তথা ব্যক্তিগত খণ্ডৰ প্ৰতিটো প্ৰতিষ্ঠানৰ তৃতীয়, চতুৰ্থ বৰ্গৰ বাবে ১০০ শতাংশ আৰু প্ৰথম-দ্বিতীয় বৰ্গৰ বাবে ৮০ শতাংশ পদ অসমৰ যুৱক-যুৱতীৰ বাবে সংৰক্ষিত হ’ব।‘ ইস্তাহাৰত কৰ্ম সংস্থাপনৰ বিষয়ে উল্লেখ কৰি  এই কথা প্ৰকাশ কৰে অসম জাতীয় পৰিষদে।

ইয়াৰোপৰি, অসমৰ প্ৰতিজন খিলঞ্জীয়া নাগৰিকক মাটিৰ অধিকাৰ দিব বুলি ই্তাহাৰত অজাপই প্ৰতিশ্ৰুতি দিয়ে। লগতে অসমৰ ভূমিৰ ওপৰত চুবুৰীয়া ৰাজ্যসমূহে চলোৱা আগ্ৰাসন বন্ধ কৰা হ’ব আৰু অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো ভূমিৰ ওপৰত অসমৰ কৰ্তৃত্ব বাহাল ৰখা হ’ব বুলি ইস্তাহাৰত প্ৰকাশ কৰে অজাপই।

ইপিনে, উদ্যোগ আৰু বাণিজ্য বিভাগৰ কেতবোৰ প্ৰতিশ্ৰুতিৰ কথা ইস্তাহাৰত উল্লেখ কৰে অজাপই।

‘সকলো ব্যৱসায়/বাণিজ্য উদ্যোগৰ বাবে ‘এখন দুৱাৰ’ৰ যোগেদি অনুমোদনৰ ব্যৱস্থা কাৰ্য্যকৰী কৰা হ’ব আৰু দৰ্খাস্তৰ ১৫ দিনৰ ভিতৰত অনুমোদন বাধ্যতামূলক। খুচুৰা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সাদিন জুৰি ২৪ ঘন্টাই ব্যৱসায় কৰাৰ অনুমোদন দিয়া হ’ব। নগাওঁ কাগজকল, কাছাৰ কাগজকল উৎপাদনক্ষম কৰা আৰু বিষয়া-কৰ্মচাৰীসকলৰ প্ৰাপ্য আদায় দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।‘ অজাপৰ ইস্তাহাৰত উল্লেখ।

ইপিনে, আৰক্ষী বিভাগটোক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰা হ’ব বুলি এজাহাৰত উল্লেখ কৰাৰ লগতে গৃহ বিভাগক দুৰ্নীতিমুক্ত কৰি ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ। নাৰী তথা শিশু সুৰক্ষাৰ ওপৰতো অধিক গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰা হয় ইস্তাহাৰত।

ইপিনে, শিক্ষাৰ পূৰ্ণ বিকাশৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি একোজন শিক্ষক থকাৰ নিশ্চয়তা প্ৰদান কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ। ৰাজ্যৰ প্ৰতিজন শিশুৰ শিক্ষা নিশ্চিত কৰাৰ বাবে সকলোবোৰ স্কুলত প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা হ’ব।

সকলো স্তৰৰ শিক্ষক সংগঠনসমূহৰ লগত আলোচনা কৰি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ সমস্যা, প্ৰাদেশিকীকৰণ নোহোৱা সমস্যা, গ্ৰেড পে’ আদি সমস্যাসমূহ ১০০ দিনৰ ভিতৰত সমাধান কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ কৰে।।

ইপিনে, বৰ্তমান অসমত প্ৰয়োজনীয় ২০০০ মেগাৱাট বিদ্যুৎ শক্তিৰ মাত্ৰ ১০ শতাংশ নিজা উৎপাদন ৬০ শতাংশ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ইস্তাহাৰত প্ৰকাশ।

তদুপৰি, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে সৃষ্টি কৰা বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি সমাধানৰ বাবে প্ৰয়োজনীয় আঁচনি আৰু পুঁজি নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰদান কৰা হ’ব বুলি ইস্তাহাৰত প্ৰকাশ কৰে।

ইয়াৰোপৰি বহু প্ৰতিশ্ৰুতি দিয়ে অসম জাতীয় পৰিষদে। এই লিংকত ক্লিক কৰিলেই অন্য প্ৰতিশ্ৰুতিসমূহ পাঠক ৰাইজে পঢ়িব পাৰিব : https://assamjatiyaparishad.org/read-press-release/8?fbclid=IwAR3boAW0kN578AAoulcVt1wSO5DIkOoInkv5jjABrN6-qGALwr8fbaOnp4o