• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম জাতীয় পৰিষদৰ ইস্তাহাৰ প্ৰকাশ, অসমবাসীলৈ কি কি দিলে প্ৰতিশ্ৰুতি?

অসম জাতীয় পৰিষদৰ ইস্তাহাৰে অসমবাসীলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিব পাৰিব নে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 18, 2021 7:18 pm
ajp
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয় পৰিষদে আজি বিয়লিভাগত প্ৰকাশ কৰি উলিয়াই ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ।

দলটোৰ মুখ্য আহ্বায়ক ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য্য আৰু বসন্ত ডেকাই এই ইস্তাহাৰ ৰাইজলৈ বুলি আগবঢ়াই দিয়ে।

Apply Now

ইস্তাহাৰত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত তথা বিদেশী বিতাৰণ সন্দৰ্ভত উল্লেখ কৰা হৈছে এইদৰে ‘অসম চুক্তি সময় নিৰ্ধাৰিতভাৱে কাৰ্য্যকৰী কৰা হ’ব। অবৈধ প্ৰব্ৰজনেৰে অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন আনিব খোজা সকলোবোৰ প্ৰচেষ্টাৰ প্ৰতিৰোধ, নাগৰিকত্ব সংশোধনী আইন ২০১৯ কেতিয়াও অসমত কাৰ্য্যকৰী হ’বলৈ দিয়া নহ’ব, অসমৰ বাবে এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰা কামটো অতি শীঘ্ৰে সম্পূৰ্ণ কৰা হ’ব।‘

ইপিনে, বিত্তীয় ব্যৱস্থা সন্দৰ্ভত ইস্তাহাৰত উল্লেখ কৰি কয় ‘অসমৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন ঘটাই জনসাধাৰণক ইয়াৰ অংশীদাৰ কৰি তোলা হ’ব। এই বিষয়ত দেশ বিদেশৰ খিলঞ্জীয়া অৰ্থনীতিবিদ আৰু সমাজ বিজ্ঞানীসকলৰ সৈতে বিস্তৃত ৰূপত মত বিনিময় কৰা হ’ব।

‘পুঁজিৰ বহিৰ্গমন কমাই অনা হ’ব। ঋণৰ ওপৰত নিৰ্ভৰশীলতা কমাই আনি জাতীয় পুঁজি আৰু সম্পদ বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘ অসম জাতীয় পৰিষদৰ ইস্তাহাৰত উল্লেখ।

ইপিনে, অসমৰ যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ দিশটোত সৰ্বাধিক গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰি অজাপই ইস্তাহাৰত কয় ‘কৃষিভিত্তিক অৰ্থনীতি আৰু লঘু তথা মজলীয়া উদ্যোগৰ পৰিকল্পিত বিকাশেৰে নিয়োগ, স্বনিয়োগৰ এক ব্যাপক ব্যৱস্থা গঢ়ি তোলা হ’ব। সকলো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানে নিয়োগ বিনিময় কেন্দ্ৰত তেওঁলোকৰ খালী পদৰ জাননী দিয়াটো বাধ্যতামূলক কৰা হ’ব।

‘ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, অৰ্ধ-কেন্দ্ৰীয় চৰকাৰ, ৰাজহুৱা খণ্ড তথা ব্যক্তিগত খণ্ডৰ প্ৰতিটো প্ৰতিষ্ঠানৰ তৃতীয়, চতুৰ্থ বৰ্গৰ বাবে ১০০ শতাংশ আৰু প্ৰথম-দ্বিতীয় বৰ্গৰ বাবে ৮০ শতাংশ পদ অসমৰ যুৱক-যুৱতীৰ বাবে সংৰক্ষিত হ’ব।‘ ইস্তাহাৰত কৰ্ম সংস্থাপনৰ বিষয়ে উল্লেখ কৰি  এই কথা প্ৰকাশ কৰে অসম জাতীয় পৰিষদে।

ইয়াৰোপৰি, অসমৰ প্ৰতিজন খিলঞ্জীয়া নাগৰিকক মাটিৰ অধিকাৰ দিব বুলি ই্তাহাৰত অজাপই প্ৰতিশ্ৰুতি দিয়ে। লগতে অসমৰ ভূমিৰ ওপৰত চুবুৰীয়া ৰাজ্যসমূহে চলোৱা আগ্ৰাসন বন্ধ কৰা হ’ব আৰু অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো ভূমিৰ ওপৰত অসমৰ কৰ্তৃত্ব বাহাল ৰখা হ’ব বুলি ইস্তাহাৰত প্ৰকাশ কৰে অজাপই।

ইপিনে, উদ্যোগ আৰু বাণিজ্য বিভাগৰ কেতবোৰ প্ৰতিশ্ৰুতিৰ কথা ইস্তাহাৰত উল্লেখ কৰে অজাপই।

‘সকলো ব্যৱসায়/বাণিজ্য উদ্যোগৰ বাবে ‘এখন দুৱাৰ’ৰ যোগেদি অনুমোদনৰ ব্যৱস্থা কাৰ্য্যকৰী কৰা হ’ব আৰু দৰ্খাস্তৰ ১৫ দিনৰ ভিতৰত অনুমোদন বাধ্যতামূলক। খুচুৰা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সাদিন জুৰি ২৪ ঘন্টাই ব্যৱসায় কৰাৰ অনুমোদন দিয়া হ’ব। নগাওঁ কাগজকল, কাছাৰ কাগজকল উৎপাদনক্ষম কৰা আৰু বিষয়া-কৰ্মচাৰীসকলৰ প্ৰাপ্য আদায় দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।‘ অজাপৰ ইস্তাহাৰত উল্লেখ।

ইপিনে, আৰক্ষী বিভাগটোক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰা হ’ব বুলি এজাহাৰত উল্লেখ কৰাৰ লগতে গৃহ বিভাগক দুৰ্নীতিমুক্ত কৰি ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ। নাৰী তথা শিশু সুৰক্ষাৰ ওপৰতো অধিক গুৰুত্ব দিয়া হ’ব বুলি উল্লেখ কৰা হয় ইস্তাহাৰত।

ইপিনে, শিক্ষাৰ পূৰ্ণ বিকাশৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি একোজন শিক্ষক থকাৰ নিশ্চয়তা প্ৰদান কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ। ৰাজ্যৰ প্ৰতিজন শিশুৰ শিক্ষা নিশ্চিত কৰাৰ বাবে সকলোবোৰ স্কুলত প্ৰাক-প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা হ’ব।

সকলো স্তৰৰ শিক্ষক সংগঠনসমূহৰ লগত আলোচনা কৰি টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ সমস্যা, প্ৰাদেশিকীকৰণ নোহোৱা সমস্যা, গ্ৰেড পে’ আদি সমস্যাসমূহ ১০০ দিনৰ ভিতৰত সমাধান কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ইস্তাহাৰত উল্লেখ কৰে।।

ইপিনে, বৰ্তমান অসমত প্ৰয়োজনীয় ২০০০ মেগাৱাট বিদ্যুৎ শক্তিৰ মাত্ৰ ১০ শতাংশ নিজা উৎপাদন ৬০ শতাংশ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ইস্তাহাৰত প্ৰকাশ।

তদুপৰি, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে সৃষ্টি কৰা বান আৰু খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি সমাধানৰ বাবে প্ৰয়োজনীয় আঁচনি আৰু পুঁজি নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰদান কৰা হ’ব বুলি ইস্তাহাৰত প্ৰকাশ কৰে।

ইয়াৰোপৰি বহু প্ৰতিশ্ৰুতি দিয়ে অসম জাতীয় পৰিষদে। এই লিংকত ক্লিক কৰিলেই অন্য প্ৰতিশ্ৰুতিসমূহ পাঠক ৰাইজে পঢ়িব পাৰিব : https://assamjatiyaparishad.org/read-press-release/8?fbclid=IwAR3boAW0kN578AAoulcVt1wSO5DIkOoInkv5jjABrN6-qGALwr8fbaOnp4o

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd