মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত উত্তাল গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰ

অসহনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীৰে বুধবাৰে অসম জাতীয় পৰিষদ দলে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অৱস্থান ধৰ্মঘট পালন কৰে৷
দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অন্যান্য নেতাসকলৰ নেতৃত্বত জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

একমাত্ৰ চৰকাৰৰ ভুল নীতি আৰু স্বাৰ্থান্বেষী কাম-কাজৰ বাবেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কৰিব পৰা হোৱা নাই বুলি অসম জাতীয় পৰিষদৰ নেতাসকলে চৰকাৰক দোষাৰোপ কৰে।

দলটোৰ নেতাসকলে কয় যে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে বৰ্তমানৰ চৰকাৰখনৰ শাসনত থকাৰ কোনো অধিকাৰ নাই৷ তেওঁলোকে হয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক নহ’লে গাদী এৰক ধ্বনিও দিয়ে।

উল্লেখযোগ্য যে ভাল দিন আহিব বুলি সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব বুলি আশা কৰা হৈছিল৷

খোদ বিজেপি দলেও পূৰ্বৰ ইউ পি এ চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা বাবে ঘোৰ সমালোচনা কৰি ৰাজপথ উত্তাল কৰিছিল। কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হোৱাৰ পিছত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীয়ে নহয়, সকলো ধৰণৰ সামগ্ৰীৰ মূল্য অধিক হাৰত বাঢ়িবলৈ ধৰে৷
লক্ষ্যণীয় যে নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ সামগ্ৰীৰে মূল্য চৰকাৰে বাঢ়িবলৈ নিদিয়ে৷ কিন্তু নিৰ্বাচন হৈ যোৱাৰ পিছতেই বস্তুৰ দাম হুৰাহুৰে বাঢ়িবলৈ আৰম্ভ কৰে বুলি অজাপৰ নেতাসকলে আজি মন্তব্য কৰে।

উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাখিছিল যদিও নিৰ্বাচন হৈ যোৱাৰ পিছত হঠাতে অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱনদায়িনী দৰৱকে ধৰি সকলো সামগ্ৰীৰে মূল্য অস্বাভাৱিক হাৰত বাঢ়িবলৈ ধৰে৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় “চৰকাৰে ইচ্ছা কৰিলে বস্তুৰ মূল্য নিয়ন্ত্ৰণত ৰাখিব পাৰে। তাৰ উদাহৰণ হ’ল পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মূল্যবৃদ্ধি হ’বলৈ নিদিয়াটো৷ পুঁজিপতি বনিয়া গোষ্ঠীসমূহৰ সৈতে থকা গোপন বুজাবুজিৰ বাবেই উক্ত গোষ্ঠীসমূহক বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিজেপিৰ চৰকাৰে সুবিধা কৰি দিয়াৰ পৰিণতি এতিয়া ৰাইজে ভোগ কৰিছে।”

গগৈয়ে লগতে কয় “বিদেশৰ পৰা অনা ঋণৰ ধনেৰে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ভোট কিনাৰ কৌশল গ্ৰহণ কৰাৰ পৰিণতি স্বৰূপে আমাৰ দেশতো শ্ৰীলংকাসদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷”

প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন বক্তব্য লিখা প্লে-কাৰ্ড প্ৰদৰ্শন কৰে৷ প্লে-কাৰ্ডসমূহত ‘মই এগৰাকী গৃহিনী, অসহনীয় মূল্যবৃদ্ধিয়ে মোৰ জীৱন কোঙা কৰি পেলাইছে’, ‘মই এগৰাকী ব্যৱসায়ী, পৰ্বতসম মূল্যবৃদ্ধিয়ে মোক কোঙা কৰি পেলাইছে’ ‘মই এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, মূল্যবৃদ্ধিৰ প্ৰকোপত মই অতীষ্ঠ হৈছো’ আদি বক্তব্য লিখা আছিল৷

দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সংবাদ মাধ্যমৰ আগত কয় “বিজেপি চৰকাৰৰ দিনত দেশখন মাত্ৰ চাৰিজন মানুহৰ দ্বাৰা চলিছে৷ তাৰে দুজন হৈছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। তেওঁলোকে এফালৰ পৰা সকলো ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি গৈছে আৰু আন দুজন – আম্বানী আৰু আদানীয়ে এফালৰ পৰা কিনি গৈছে৷ এই কিনা-বেচা চলি থকা বাবেই চৰকাৰখনে অন্য ক্ষেত্ৰত মনোযোগ দিব পৰা নাই আৰু সেই কাৰণেই মূল্য বৃদ্ধি নিয়ন্ত্ৰণলৈ অহা নাই।”

জাতীয় পৰিষদে মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত অহা ৩০ এপ্ৰিলৰ দিনা ৰাজ্যজুৰি গণবিক্ষোভ কাৰ্যসূচী পালন কৰিব বুলিও দলৰ নেতাসকলে সদৰী কৰে৷