• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজাপৰ আৰ্থ সামাজিক পৰিচালনা আৰু উন্নয়ন উপদেষ্টা পৰিষদৰ প্ৰথমখন বৈঠক; জাতীয় অৰ্থনীতি সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপ্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2021 7:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমস্যাবহুল অসম ৰাজ্যৰ অৰ্থ-সামাজিক বিকাশৰ প্ৰধান অন্তৰায় সমূহ কি? আৰু অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে ইয়াৰে কোনটো সমস্যাক কেনেদৰে মোকাবিলা কৰা হ’ব? – মূলত: এই দুটা বিষয় নিশ্চিত কৰিবৰ বাবে গঠন কৰি দিয়া অসম জাতীয় পৰিষদৰ ‘আৰ্থ সামাজিক পৰিচালনা আৰু উন্নয়ন উপদেষ্টা পৰিষদ’ ( Socio-economic Planning & Development Advisory Council) ৰ প্ৰথমখন বৈঠক আজি হোটেল গেটৱে গ্ৰেণ্ডয়ৰত অনুষ্ঠিত হৈ যায়।

স্বনামধন্য অসম সন্তান, বিশিষ্ট অৰ্থনীতিবিদ, বিশ্ববেংকৰ প্ৰাক্তন বিষয়া তথা প্ৰাক্তন উচ্চায়ুক্ত ড°জৈমিনী ভাগৱতীৰ অধ্যক্ষতাত বহা প্ৰথম বৈঠকখনত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ডি এন শইকীয়া, নাবাৰ্ডৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক হৰেন্দ্ৰনাথ ভূঞা, বিশিষ্ট কৃষি বিজ্ঞানী ড০ শৰৎ শইকীয়া, অৱসৰপ্ৰাপ্ত কৰ আয়ুক্ত যোগেশ চন্দ্র পেগু, উত্তৰ-পূব কৃষি বিপনন নিগমৰ পৰিচালন সঞ্চালক প্ৰদীপ কুমাৰ সিনহা, তৈল খণ্ডৰ বিশেষজ্ঞ ভূপতি কুমাৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড°অলক বুঢ়াগোহাঁই, পশু চিকিৎসা বিশেষজ্ঞ ড০ এম আই বৰবৰুৱা, চাটাৰ্ড একাওন্টেন্ট সৌমিত্র দাস, বিশিষ্ট উদ্যোগী ত্ৰিদীপ শৰ্মা, গণসংযোগ বিশেষজ্ঞ বেদব্ৰত বৰা আইনী বিশেষজ্ঞ ভূৱন চন্দ্র বৰুৱাৰ লগতে অসম জাতীয় পৰিষদৰ দুই মূখ্য উপদেষ্টা বসন্ত ডেকা আৰু ড°কৃষ্ণগোপাল ভট্টাচার্যই অংশগ্ৰহণ কৰে।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৰুচজাৰ্ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক সৌমিত্র ভূঞা, অষ্ট্ৰেলিয়াৰ পৰা মনচাহ বিশ্ববিদ্যালয়ৰ গৱেষক চাহীন আহমেদ, বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ড০ সীমান্ত জি শৰ্মাসহ বিভিন্ন খণ্ডৰ কেইবাগৰাকী  বিশেষজ্ঞ ব্যক্তিয়ে ভিডিঅ কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে।

অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈয়ে ২ ফেব্ৰুৱাৰিৰ দিনা এখন সংবাদমেল যোগে উক্ত পৰিষদখন গঠন কৰাৰ কথা ঘোষণা কৰিছিল।

আজিৰ বৈঠকখনত আলোচকসকলে অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু অন্য সামাজিক সমস্যাসমূহ এটা এটাকৈ আলোচনা কৰি কোনটো সমস্যা সমাধানৰ সৰ্বোৎকৃষ্ট উপায় কি হ’ব পাৰে, তাৰ ওপৰত বিস্তৃত আলোচনা কৰে।

উল্লেখযোগ্য যে প্ৰতিগৰাকী আলোচকেই ৰাজ্যৰ নিৱনুৱা সমস্যাক অৰ্থনৈতিক বিকাশৰ অন্যতম প্ৰধান অন্তৰায় হিচাপে চিহ্নিত কৰে আৰু ৰাজ্যবাসীৰ কৰ্মক্ষমতা আৰু কাম কৰাৰ সুযোগ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। আলোচক সকলৰ মতে, ৰাজ্যৰ নিৱনুৱা লোকসকলক কামৰ সন্ধান দিয়া, কৰ্মক্ষম লোকসকলক অধিক কাম কৰা তথা আয় কৰাৰ সুবিধা প্ৰদান কৰিব পাৰিলে ৰাজ্যখনৰ দ্ৰুত অৰ্থনৈতিক বিকাশ সম্ভৱ।

বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা হিতাধিকাৰী সৃষ্টি আচনিসমূহৰ প্ৰয়োগে ৰাজ্যত কৰ্মহীন লোকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কৰ্মহীনতাৰ এটা সংস্কৃতি গঢ়িব আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ হাৰ অধিক নিম্নগামী হ’ব বুলি আলোচকসকলে মত প্ৰকাশ কৰে।

ৰাজ্যত কৰ্মসংস্কৃতি গঢ়াৰ লগতে নিয়োগ সৃষ্টিৰ জৰিয়তে উপাৰ্জন বৃদ্ধিৰ পৰিৱেশ গঢ় দিয়াটো জাতীয় পৰিষদৰ অন্যতম প্ৰধান লক্ষ্য হ’ব লাগে বুলি তেওঁলোকে মত পোষণ কৰে। অধ্যক্ষ ড°জৈমিনী ভাগৱতীয়ে নিৱনুৱা সমস্যা সমাধান কৰোটোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি লগতে অৰ্থনৈতিক সম্পদ গঠনৰ ওপৰতো গুৰুত্ব প্ৰদানেৰে কয় যে যেতিয়ালৈকে ৰাজ্যখনৰ আয়ৰ পৰিমাণ খৰছতকৈ অধিক নহ’ব তেতিয়ালৈকে অৰ্থনৈতিক বিকাশ বাধাপ্রাপ্ত হৈয়ে থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd