হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ

নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি দলে অসমত ১০ খন আসন লাভ কৰিব বুলি কোৱাৰ সময়তে ডিগবৈ চহৰৰ মাজমজিয়াত একাংশ প্ৰতিবাদকাৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিয়ে দুপৰীয়া চহৰৰ মাজমজিয়াত অৱস্থান গ্ৰহণ কৰি গড়কাপ্তানী মন্ত্ৰী হিমন্তৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। বিধ্বস্ত ৰূপ ধাৰণ কৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ দাবীত পৰিষদে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি পথটো মেৰামতি নকৰাৰ ফলত মাকুমৰ পৰা জাগুনলৈকে পথটোৰ অৱস্থা শোচনীয় হৈ পৰিছে। ফলত স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।