NORTHEAST NOW (Assamese)

বান্দৰডুবিৰ উচ্ছেদ অভিযান: অবৈধ বুলি ঘোষণা কৰা লোকসকল কি কাৰণত আজিও ৰখা হোৱা নাই ডিটেনছন কেম্পত?

September 22, 2021 6:28 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ

ছিপাঝাৰৰ গৰুখুঁটিত প্ৰশাসনে উচ্ছেদ কৰাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে কলিয়াবৰৰ বান্দৰডুবি অঞ্চল।

কিয়নো ২০১৬ চনত ১৯ ছেপ্তেম্বৰত দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুলি দোহাই দি উচ্ছেদ কৰিছিল বান্দৰডুবি অঞ্চলটোত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন অন্তৰ্গত উক্ত অঞ্চলটো উচ্ছেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৬ চনৰ ১৩ মে’ত ৰায় দিছিল আৰু ২০১৬ চনৰ ১৯ ছেপ্তেম্বৰৰ দিনা সেই সময়ৰ কলিয়াবৰৰ ৰাজহ চক্ৰ অন্তৰ্গত চক্ৰ বিষয়া পাৰিজাত ভূঞাই উচ্ছেদ কৰিছিল ২৯৭ একৰ ভূমিৰ উক্ত অঞ্চলটো।

সাতঘৰকৈ থলুৱা মানুহো উচ্ছেদ হৈছিল সেই অভিযানত। কিন্তু অবৈধ নাগৰিক তথা বেদখলকাৰীৰ কবলৰ পৰা উক্ত অঞ্চলটো বেদখকলমুক্ত কৰিছিল যদিও উচ্ছেদিত লোকসকল ডিটেনছন কেম্পলৈ নিয়া দেখা পোৱা নগ’ল।

ইয়াৰ পৰিৱৰ্তে এই লোকসকল আজিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে কাৰ্বি পাহাৰৰ দিশে ঘৰ সাঁজি থকা দেখিবলৈ পোৱা যায়।

আনহাতেদি থলুৱা পৰিয়াল কেইটাৰ দুটা পৰিয়ালে পুনৰ কাৰ্বি পাহাৰৰ দিশে ঘৰ সঁজাৰ পৰিবৰ্তে পাঁচটাকৈ পৰিয়ালে সেই স্থান ত্যাগ কৰি বোকাঘাট,তেজপুৰ,গুৱাহাটীলৈ উঠি যায়।

কিন্তু অবৈধ বুলি ঘোষণা কৰা লোকসকল কি কাৰণত আজিও ডিটেনছন কেম্প বা অন্য ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া ৰহস্যৰ বিষয় বুলি মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

Related News