NORTHEAST NOW (Assamese)

পুনৰ নাগৰিকত্ব বিধেয়কক লৈ প্ৰতিবাদ, ৰাজপথত জ্বলিল অমিত শ্বাহৰ পুত্তলিকা

February 18, 2019 9:11 am · এন ই নাও নিউজ
ফাইল ফটো

লখিমপুৰৰ চাবতি চানমাৰি ষ্টেডিয়ামত ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ মহাসমাৱেশত ১৭ ফেব্ৰুৱাৰিত অংশ গ্ৰহণ কৰিবলৈ আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি উল্লেখ কৰা মন্তব্যৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে।

সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ পুত্তলিকা দাহ কৰি তেওঁৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰ কয় যে, ‘দিল্লীৰ পৰা অহা এজন নেতাই আমাৰ অস্তিত্ব ধ্বংস কৰিব বিচৰাটো আমি কেতিয়াও সহ্য নকৰো।’

এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মনদীপ নেওগ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জ্যোতি দাস, সাধাৰণ সম্পাদক মানসপ্ৰতিম শইকীয়া আদিয়ে।

Related News