বিধেয়ক বাতিল-আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত যুঃ ছাঃ পঃৰ ৰে’ল অৱৰোধ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ৰাজ্যখনৰ ভিন্ন প্ৰান্ততে ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। এই উদ্দেশ্যে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৱাহটী মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেশ্যনৰ লেভেল গে’টত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদাকীৰয়ে শতাব্দী এক্সপ্ৰেছ ৰে’ল আবদ্ধ কৰি ৰাখে। ফলত কামাখ্যা ৰে’ল ষ্টেশ্যনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

একেদৰে নগাঁৱৰ চাপৰমুখতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ দাবীত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। শতাধিক প্ৰতিবাদকাৰীয়ে ব্ৰহ্মপুত্ৰ মেইল অৱৰোধ কৰে।

ইফালে নাজিৰাতো শিমলুগুৰি ৰে’ল জংচনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰে’ল অৱৰোধ কৰে। যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অৱধ আছাম এক্সপ্ৰেছ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।