মাৰ্ঘেৰিটাত অঃ জাঃ যুঃ ছাঃ পঃৰ অৱস্থান ধৰ্মঘট; মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি লিডু ৰেলৱৈ ৰংগমঞ্চত তিনিঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

‘মাৰ্ঘেৰিটাৰ প্ৰস্তাৱিত তাপবিদ্যুৎ প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰা, লিডু আই টি আই শীঘ্ৰে মুকলি কৰা, মাৰ্ঘেৰিটা মহকুমাৰ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন বাটপথ সমূহ শীঘ্ৰে নিৰ্মাণ কৰা, মাৰ্ঘেৰিটা মহকুমাত ভয়াবহভাৱে বৃদ্ধি পোৱা মদ-ড্ৰাগছ-কানি অবৈধ বেহা বন্ধ কৰা, কয়লা মাইনিং কোম্পানীয়ে শ্ৰমিক সকলক কৰি অহা প্ৰৱঞ্চনা’ আদিৰ বিৰুদ্ধে সংগঠনটোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰে।

তিনিঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ যোগেদি মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি উল্লিখিত দাবী সমূহ অনতিপ্ৰলমে সমাধান কৰিবলৈ দাবী জনায়।

আনহাতে এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৱে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। পৰিৱৰ্তনৰ সপোন দেখুওৱাই শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পথ অনুসৰণ কৰি ৰাইজক আভুঁ‌ৱা ভাৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে।

তাৰোপৰি সমস্যাৰে জৰ্জড়িত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক শৰ্মাই সমষ্টি উন্নয়নৰ নামত ব্যৰ্থ হোৱাৰ লগতে বিগত পাঁ‌চবছৰে শুই বহি কটাই পুনৰ আগন্তক পাঁ‌চবছৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান পোৱা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবেই বিগত সময়ত মাৰ্ঘেৰিটা সমষ্টিৰ সমস্যা সমাধানত চূড়ান্ত ৰূপে ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ তোলে।

ইফালে আজি মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণৰ পাছতো সমষ্টিটোৰ সমস্যা সমাধনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিষদে তীব্ৰ আন্দোলন গঢ়ি তুলাৰো হুংকাৰ দিয়ে।