NORTHEAST NOW (Assamese)

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰে বজালীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩৬ ঘণ্টীয়া অনশন

December 17, 2019 4:41 pm · এন ই নাও নিউজ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে ১৬ ডিচেম্বৰ ৰাতিপুৱা ৮ বজাৰ পৰা নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।

৩৬ ঘণ্টীয়া অনশন কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ জিলা সভাপতি মৃদুল তালুকদাৰ আৰু সম্পাদক লক্ষেশ্বৰ দাসে অংশগ্ৰহণ কৰে।

অনশনত অংশগ্ৰহণ কৰা অনশনকাৰীসকলে নাগৰিকত্ব (সংশোধনী) আইন,২০১৯ বাতিল কৰাৰ বাবে দাবী জনায়।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩৬ ঘণ্টীয়া অনশন কাৰ্য্যসূচীত আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, বজাৰ সমিতি, পঠাশালা ৰঙালী বিহু সমিতি, অগপ কাৰ্য্যকৰ্তা, ভট্টদেৱ বিশ্ববিদ্যালয় ছাত্ৰ সন্থা, ৰিক্সা চালক সন্থা, জেষ্ঠ নাগৰিক সমাজকে ধৰি ভালেমান দল, সংগঠনৰ প্ৰায় তিনি শতাধিক লোকে সমৰ্থন আগবঢ়ায়।

উল্লেখযোগ্য যে, অসম তথা উত্তৰ-পূবত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে   বিভিন্ন দল, সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়খন গৃহীত হোৱাৰ পাছৰে পৰা গুৱাহাটী মহানগৰীত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছিল যদিও আজি সান্ধ্য আইন উঠাই লোৱা হয়।

Related News