মাৰ্ঘেৰিটাত অকলেই ১২ ঘণ্টীয়া অনশনত বহিল এ জে ৱাই চি পিৰ উপ-সভাপতি অৱনী চলিহা

AJYCP margherita

মাৰ্ঘেৰিটা মহকুমাবাসীৰ বহুকেইটা ৰাজহুৱা স্বাৰ্থ জৰিত সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি অৱনী চলিহাই আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত এককভাৱে  ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে।

তেওঁ উত্থাপন কৰা দাবী সমূহৰ ভিতৰত আছে মাৰ্ঘেৰিটাৰ লেখাপানীত প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা, মাৰ্ঘেৰিটাত মহকুমা চিকিৎসালয়লৈ স্থাপন কৰা, মদ, গুটখা, কানি, ড্ৰাগছ, ভাং আদিৰ অবৈধ প্ৰচলন বন্ধ কৰা, ক’ল ইণ্ডিয়াই চলাই অহা অপেন কাষ্ট মাইনিং অৰ্থাত মুক্তখনন পদ্ধতি বন্ধ কৰি বিজ্ঞান সন্মতভাৱে কয়লাখনন আৰম্ভ কৰা, মাৰ্ঘেৰিটাত ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰি বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰাৰ লগতে মহকুমাটোৰ খেতি পথাৰ, ঘৰ-বাৰী বিনস্ত কৰা ৪৫ টাৰো অধিক কেচা কয়লাৰ কোক ভাটাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, জাগুন পৰ্য্যন্ত ৰেলপথৰ ব্যৱস্থা কৰা, ক’ল ইণ্ডিয়াত স্থানীয় প্ৰাৰ্থীক নিযুক্তি দিয়া ইত্যাদি।

উক্ত কাৰ্যসূচীতে তেওঁ মাৰ্ঘেৰিটা মহকুমাধীপতিৰ যোগেদি মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

তদুপৰি আজিৰ এই অনশনৰ পাছতে এমাহ ধৰি সমগ্ৰ অসমত প্ৰচাৰ পত্ৰিকা বিতাৰণ কৰাৰ লগতে গুৱাহাটীত মুণ্ডন কাৰ্যসূচীৰে এই প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰিব বুলি জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি অৱনী চলিহাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।