আৰক্ষীক আক্ৰমণৰ ঘটনাত জড়িত সকলক উচিত শাস্তীৰ দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

সংগঠনটোৰ প্ৰতীক চিহ্ন

ক’ৰ’না মহামাৰী তথা ক’ভিদ-১৯ৰ ত্ৰাসৰ পৰা সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমো মুক্ত হোৱা নাই। যাৰ ফলশ্ৰুতিত চৰকাৰে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ হিতাৰ্থে।

ভাৰতবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজেও এই ক্ষেত্ৰত সহাৰি জনাইছে। কিন্তু এচামে এই ভয়াবহতা এতিয়াও উপলব্ধি কৰিব পৰা নাই। বৃহস্পতিবাৰে নিশা তেনে এক পৰিবেশেই সূচনা হোৱা পৰিলক্ষিত হয় লখিমপুৰৰ নাওবৈচাত।

লকডাউনৰ নীতি-নিয়ম উলংঘা কৰি সামাজিক দূৰত্ব পৰিহাৰ কৰি বে আইনীভাৱে একাংশ মুছলমান ধৰ্মাৱলম্বী লোকে মছজিদত নামাজ পঢ়ি থকা কাৰ্যৰ বাধা দিবলৈ যাওঁতে আৰক্ষীক বেয়াকৈ আক্ৰমণ কৰিছিল একাংশই।

চৰকাৰৰ নীতি-নিয়ম নমনা এই সকল লোকে চৰম সীমা অতিক্ৰম কৰা বুলি অভিহিত কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই।

জনতাৰ স্বাৰ্থত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি যি সকল লোকে অহৰহ প্ৰহৰীৰ দৰে সেৱা আগবঢ়াইছে, সেইসকলৰ প্ৰতি আক্ৰমণৰ ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি অভিহিত কৰিছে সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে।

এই সমগ্ৰ ঘটনাটোক ধিক্কাৰ প্ৰদান কৰাৰ লগতে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিসকলক শাস্তী প্ৰদানৰ দাবী উত্থাপন কৰিছে কৰিছে সন্থাই।

সন্থাৰ সম্পাদক গৰাকীয়ে কয়, ‍‘জাতি, ধৰ্ম. বৰ্ণ নিৰ্বিশেষে এয়া মহামাৰীৰ বিৰুদ্ধে মানৱ জাতিৰ যুঁজ। সকলো ধৰ্মই মানৱ সেৱত ব্ৰতী থকাৰ শিক্ষা দিয়ে। আৰু এইখিনি সময়ত সামাজিক দূৰত্ব আৰু লকডাউন মানি চলাই হ’ল মানৱ সেৱা। সেয়েহে সমগ্ৰ মান জাতিৰ হিতাৰ্থে সকলো লোককে লকডাউন, সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছো’।