NORTHEAST NOW (Assamese)

কৃষি বিধেয়কৰ প্ৰতিবাদত মোদী কেবিনেটৰ পৰা পদত্যাগ আকালি নেত্ৰী হৰছিমৰৎ কৌৰ বাদলৰ

September 18, 2020 6:51 am · এন ই নাও নিউজ
হৰছিমৰৎ কৌৰ বাদল।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত তিনিখন কৃষি বিধেয়য়কৰ প্ৰতিবাদ কৰি মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে আকালি দলৰ নেত্ৰী হৰছিমৰৎ কৌৰ বাদলে।

বৃহস্পতিবাৰে লোকসভাত আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে মন্ত্ৰী হৰছিমৰতএ পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

ইয়াৰ কেইঘন্টামানৰ পাছতে সুখবীৰ সিঙৰ পত্নী তথা কেন্দ্ৰী খাদ্য প্ৰস্তুতকৰণ বিভাগৰ মন্ত্ৰী হৰছিমৰৎ কৌৰ বাদলে আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

পদত্যাগ পত্ৰত হৰছিমৰৎ কৌৰ বাদলে জানিবলৈ দিয়ে যে কোনো কৃষক বিৰোধী সিদ্ধান্তৰ তেওঁ সাক্ষী হ’ব নোৱাৰে।

আকালি দলৰ সুদীৰ্ঘ ইতিহাস সুঁৱৰি তেওঁ কয় যে তেওঁলোকে সদায় কৃষকসকলৰ স্বাৰ্থত আন্দোলন কৰি আহিছে।

কৃষকসকলৰ বিশ্বাস তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সেইক্ষেত্ৰত কোনো আপোচ কৰিব পৰা নাযাব।

হৰছিমৰৎ কৌৰ বাদলে তেওঁৰ পদত্যাগ পত্ৰত আশা প্ৰকাশ কৰে যে এন ডি এ চৰকাৰে পঞ্জাৱৰ স্বাৰ্থত কাম কৰি যাব।

মন্ত্ৰীগৰাকীয়ে পাছত টুইটাৰতো তেওঁৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

হৰছিমৰৎ কৌৰ বাদল মোদী কেবিনেটত আকালি দলৰ একমাত্ৰ প্ৰতিনিধি আছিল। ইয়াৰ ফলত কেবিনেটৰ পৰা আঁতৰি গ’ল বিজেপিৰ আটাইতকৈ পুৰণি মিত্ৰদলটো।

অৱশ্যে, মন্ত্ৰীগৰাকীৰ পদত্যাগৰ ফলত মিত্ৰজোঁটৰ ওপৰত কোনো প্ৰভাৱ নপৰে বুলি দাবী কৰিছে বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই। তেওঁ এই মতভেদ আলোচনাৰ জৰিয়তে আঁতৰ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত কৃষি বিধেয়ক তিনিখন হ’ল  The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill.

ইপিনে, প্ৰস্তাৱিত উক্ত তিনিখন কৃষি বিধেয়কৰ সন্দৰ্ভত নিজৰ আপত্তিৰ কথা আকালি দলে বিজেপিৰ হাইকমাণ্ডক বাৰে বাৰে জনাই আহিছিল।

বিজেপিৰ সভাপতি জে পি নাড্ডাই বিধেয়ককেইখনত কৃষকৰ স্বাৰ্থ ক্ষুন্ন নহয় বুলি তেওঁলোকক আশ্বস্ত কৰিব বিচাৰিছিল যদিও আকালি দল সেই আশ্বাসত পতিয়ন নগ’ল।

অৱশেষত মন্ত্ৰী হৰছিমৰৎ কৌৰ বাদলে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related News