আৰক্ষী প্ৰশাসনৰ বাধা! প্ৰত্যাহ্বান গ্ৰহণ কৰি অখিলৰ হুংকাৰ

15-11-18 Guwahati- Akhil Gogoi press meet (4)

বৃহস্পতিবাৰে অখিল গগৈৰ সংবাদমেল। ফটো : ইউ বি

কাইলৈ দিচপুৰ জনতা ভৱনৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি মুঠ ৭০ টা সংগঠনে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল যদিও কামৰূপ মহানগৰ প্ৰশাসনে পূব গুৱাহাটী এলেকাত ১৪৪ ধাৰা জাৰি কৰিছে।

ইপিনে, কামৰূপ মহানগৰ প্ৰশাসনৰ ১৪৪ ধাৰাকো নেওচি  কাইলৈ দিচপুৰত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। প্ৰতিবাদকাৰীক ৰুধিবলৈ চৰকাৰ তথা প্ৰশাসনৰ বিষয়াসকল নানা ষড়যন্ত্ৰত লিপ্ত হোৱাৰো অভিযোগ তোলে অখিল গগৈয়ে।

বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কাৰ্য্যালয়ত অখিলে কয়, ‘’অসম চৰকাৰৰ অত্যাচাৰ, স্বৈৰতন্ত্ৰ আৰু ফেচিবাদ ইত্যাদি সকলোবোৰ ওফৰাই কাইলৈ দিচপুৰৰ গণেশ উদ্যানত পূৱা ১০ বজাৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ’ব।‘’

সেয়েহে উক্ত প্ৰতিবাদী সভাত দলে-বলে সকলো মহানগৰবাসী আৰু অসমবাসী ৰাইজক আহি যোগদান কৰাৰ বাবে কৃষক নেতাগৰাকীয়ে আহ্বান জনায়।

আনহাতে, শদিয়া, জোনাই, ধুবুৰী আৰু ডিফুৰ পৰা শান্তিপূৰ্ণভাৱে বাইকেৰে সমদল কৰি আহি থকা প্ৰতিবাদকাৰীসকলৰ ভিতৰত জোনাইৰ পৰা অহা দলটোক দৰং জিলাত  গ্ৰেপ্তাৰ কৰি তথা তামুলপুৰত ধুবুৰীৰ পৰা অহা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি ‘’চৰকাৰে কেনেধৰণৰ গণতন্ত্ৰ দেখুৱাইছে’’ বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’সেয়া অসমৰ ৰাইজে কল্পনা কৰক।‘’

তদুপৰি, ৭০ টা সংগঠনে গণতান্ত্ৰিকভাৱে কৰা আন্দোলনসমূহৰ ক’তো একো আইন শৃংখলাজনিত অৱস্থাৰ সৃষ্টি হোৱা নাই বুলি সংবাদমেলযোগে দাবী জনায় অখিল গগৈয়ে।

আনহাতে, উক্ত সংবাদমেলতে গগৈয়ে ‘’গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ পাছতো এনেধৰণে উচটনি দি থকাৰ দুটা মূল কাৰণ আছে’‘ বুলি সদৰী কৰি তেওঁ কয়, ‘’এটা হ’ল আমাৰ খং উঠাই উচটনি দি অগণতান্ত্ৰিক কাম কৰাবলৈ চেষ্টা কৰা হৈছে। দ্বিতীয়তে, ৰাইজে বেয়া পোৱাকৈ অসম বন্ধ, পথ অৱৰোধ ইত্যাদি কামবোৰ আমাৰ হতুৱাই কৰাব বিচৰা হৈছে।‘’

তাৎপৰ্যপূৰ্ণ কথা যে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰফুল্ল মহন্ত অথবা হিতেশ্বৰ শইকীয়া মুখ্য মন্ত্ৰী হৈ থকাৰ সময়ত এনে ধৰণে প্ৰতিবাদকাৰীক অৱদমন কৰা হোৱা নাছিল বুলি তেওঁ সংবাদমেলত দাবী জনায়।

‘’মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ স্বৈৰস্বাৰী শাসনৰ ছবিখন স্পষ্টকৈ ফুটি উঠিছে,‘’-সংবাদমেলত এইদৰে কয় গগৈয়ে।

তেওঁ লগতে হুংকাৰ দি কয়, ‘’প্ৰশাসন তথা চৰকাৰে যি ব্যাপক ৰূপত প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে আমাৰ হাতৰ পৰা নিয়ন্ত্ৰণ হেৰাই গ’লে আমাক দোষ দিলে নহ’ব। নেতৃত্বত থকাসকলে হাত এৰি দিবলৈ বাধ্য হ’ম।‘’

আনহাতে, প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিবলৈ অহা লোকক বাছেৰে কঢ়িয়াই নানিবৰ বাবে বাছৰ মালিকসমূহক দিচপুৰৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ সংবাদমেলত এক গুৰুতৰ অভিযোগ কৰে।

উল্লেখযোগ্য যে, আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য্যৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইকে ধৰি ৭০ টা জাতীয় সংগঠনৰ নেতৃবৰ্গৰ মাজত এখন আলোচনা অনুষ্ঠিত হৈছিল। সেই আলোচনাত প্ৰতিবাদী সভা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি প্ৰদান কৰাৰ লগতে মটৰ চাইকেল সমূহো কম-কমকৈ অহাৰ বাবে অনুমতি প্ৰদান কৰা বুলি সংবাদমেলত অখিলে জানিবলৈ দিয়ে।

ইয়াৰ বিপৰীতে, এজন আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ ব্যক্তি হৈ ৰাতিটোৰ ভিতৰতে ১৪৪ ধাৰা জাৰি কৰি এনেধৰণে ওলোটাখৰ মৰাটো তেওঁৰ নিজৰ বাবেই কলংক বুলি আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান গৰাকীক কটাক্ষ কৰে গগৈয়ে।