অসমত লোকসভা নিৰ্বাচনত হৈছিল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, ফলাফলো তেনেকুৱাই হ’ব : অখিল

‘’বিজেপি চৰকাৰখন বিদেশীৰ বন্ধু। তেওঁলোকে অসমক চৰণীয়া ভূমিত পৰিণত কৰিব বিচাৰিছে।‘’ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰিছে কৃষক নেতা অখিল গগৈয়ে।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ৰাজ্যত বিদেশী বুলি ঘোষিত ৮২৩ গৰাকী বন্দীক মুকলি কৰি দিয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল।  তাৰ পাছতেই সংবাদমেল সম্বোধন কৰি আলোক কুমাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰিছে অখিল গগৈয়ে।

ইপিনে, আলোক কুমাৰৰ শপতনামা ‘ভয়ংকৰ প্ৰস্তাৱ দি দাখিল কৰা শপতনামা’ আখ্যা দি গগৈয়ে কয়, ‘’ই সংবিধানবিৰোধী আৰু অসমীয়া জাতিক হত্যা কৰা এই শপতনামা।‘’

তদুপৰি, ভাৰতীয় সংবিধানত বিদেশীক খেদি পঠিওৱাৰ কথা উল্লেখ আছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘’বিদেশীক মুকলি কৰি দিয়াৰ কোৱা কথাটো হাস্যকৰ। ৮২৩জন বিদেশী ঘোষিত লোক ডিটেনশ্যন কেম্পত আছে। ৫ লাখ টকা আমানত ধন লৈ মুকলি কৰি দিব খোজা কথাটো সঁচাকৈয়ে হাস্যকৰ।‘’

আনহাতে, উক্ত সংবাদমেলতে অখিলে ‘’ৰাজ্য চৰকাৰে ৩ বছৰত ৪জন বিদেশীক খেদিছে’’ বুলি মন্তব্য কৰাৰ উপৰিও পূৰ্বতে কিমান বিদেশী অসমৰ পৰা বহিস্কাৰ কৰা হৈছিল তাৰো ‘চৰকাৰী হিচাপ’ দাঙি ধৰে।

‘’১৯৫২ চনৰ পৰা ১৯৮৩ চনলৈকে মুঠ ৩ লাখ ২১ হাজাৰ ৮৩১জন বিদেশীক খেদা হৈছিল। ১৯৮৫ৰ পৰা ১৯৯০লৈকে মাত্ৰ ৫২১জন, বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে ১৩১জন, ১৯৯৬ চনৰ পৰা ২০০০ চনৰ ভিতৰত ৪৩১জন বিদেশী, ২০০১ৰ পৰা ২০০৬লৈ ৯৪গৰাকী বিদেশী, ২০০৬ চনৰ পৰা ২০১২ চনলৈ খেদিলে ২২১জন বিদেশী বিতাৰণ কৰা হৈছে।‘’ সংবাদমেলত এই তথ্য দাঙি ধৰে গগৈয়ে।

গগৈয়ে দাবী কৰা মতে ‘’অসম গণ পৰিষদ শাসনলৈ অহাৰ পিছত বিদেশী বিতাৰণৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিলে।‘’

ইপিনে, বৰ্তমান ৯৩৮জন বিদেশী ডিটেনশ্যন কেম্পত আছে বুলি দাবী কৰি তেওঁ লগতে কয়, ‘’ইয়াৰে ৮২৩জন ঘোষিত বিদেশী। ৮২৩গৰাকী বিদেশীক মুকলি কৰি দিয়াৰ বাবে শপতনামা দাখিল কৰিছে চৰকাৰে। ৯২ হাজাৰ বিদেশী সন্ধানহীন হৈ আছে।‘’

আনহাতে, উচ্চতম ন্যায়ালয় মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে এগৰাকী মহিলাই অনা অভিযোগক ‘ষড়যন্ত্ৰমূলক’ আখ্যা দিয়ে গগৈয়ে।

গগৈয়ে কয়, ‘’উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ লগত আছে কৃষক মুক্তি সংগ্ৰাম সমিতি। ৰঞ্জন গগৈৰ বিৰুদ্ধে যাতে কোনো ষড়যন্ত্ৰ কৰা নহয়, তাৰ বাবে সকলো পক্ষকে সকীয়াই দিছো। গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে কাকো সুদাই এৰা নহ’ব।‘’

আনহাতে, ৰাজ্যত হৈ যোৱা লোকসভা নিৰ্বাচনত ব্যাপক ৰূপত ধৰ্মীয় মেৰুকৰণ হোৱা বুলি সংবাদমেলত দাবী কৰে অখিল গগৈয়ে।

‘’২০১৯ চনৰ লোকসভা নিৰ্বাচনটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আছিল। বিজেপিয়ে বিদেশী খেদাব বুলি আশা কৰি হিন্দু মুছলমান আবেগৰে ভোট দিয়া দেখা গৈছে। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ইয়াৰ ধৰ্মীয় মেৰুকৰণ হোৱা নাছিল, দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ত ব্যাপক ৰূপত ধৰ্মীয় মেৰুকৰণ হৈছিল।গতিকে ৰিজাল্টটো তেনেকুৱাধৰণে হ’ব।‘’ সংবাদমেলত গগৈয়ে মন্তব্য কৰে।