• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰীৰ অ’বামা কেন্দ্ৰিক মন্তব্যত লজ্জিত অখিল! বিশ্ববাসীৰ ওচৰত হাতযোৰ অখিলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2023 10:16 pm
725
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি বাৰাক অ’বামা সন্দৰ্ভত কৰা মন্তব্যত চৰম লজ্জিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বাবে অ’বামাৰ লগতে বিশ্ববাসীৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিছে অখিল গগৈয়ে।

এক ভিডিঅ’ যোগে হিমন্ত বিশ্ব শৰ্মাৰ হৈ বিধায়কগৰাকীয়ে ক্ষমা খুজিছে অ’বামা তথা বিশ্ববাসীৰ ওচৰত। ভিডিঅ’টোত অখিল গগৈয়ে কয়, “মোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰাক ওবামাৰ বিষয়ে সাম্প্ৰদায়িক মন্তব্য কৰাত মই লাজ পাইছো। মুখ্যমন্ত্ৰীৰ হৈ মই ক্ষমা বিচাৰিছো।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে এনে সাম্প্ৰদায়িক মন্তব্য কৰে বুলিও ভিডিঅ’টোত লগতে উল্লেখ কৰে অখিল গগৈয়ে। “গতিকে এজন ভাতৃ তথা অসম বিধানসভাৰ সহযোগী বিধায়ক হিচাপে তেখেতৰ হৈ ক্ষমা বিচাৰিছো। তেওঁৰ এই অদ্ভুত মন্তব্যৰ বাবে ক্ষমা কৰিব।”- অখিল গগৈয়ে লগতে কয়।

উল্লেখ্য যে এক সাক্ষাৎকাৰৰ সময়ত বাৰাক অ’বামাই ভাৰতত সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিষয়ে উত্থাপন কৰিছিল। অ’বামাৰ এই মন্তব্য সন্দৰ্ভত ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰোহিনী সিঙে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিক্ষেপ কৰিছিল এক প্ৰশ্ন।

এক টুইট যোগে ৰোহিনী সিঙে আৱেগক আঘাত দিয়াৰ বাবে অ’বামাৰ বিৰুদ্ধে গুৱাহাটী এফআইআৰ দাখিল কৰা হৈছেনে তথা কোনোবা বিমানৰ পৰা অ’বামাক নমাই আনি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষী ৱাশ্বিংটনলৈ গৈ আছে নেকি বুলি প্ৰশ্ন তোলে।

এই প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাই এক বিতৰ্কিত মন্তব্য কৰি ভাৰততে বহু হুছেইন অ’বামা আছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয়, “ৱাশ্বিংটনলৈ যোৱাৰ কথা চিন্তা কৰাৰ আগতে আমি তেওঁলোকৰ চোৱাচিতা কৰাত অগ্ৰাধিকাৰ দিয়া উচিত। অসম আৰক্ষীয়ে আমাৰ নিজৰ অগ্ৰাধিকাৰ অনুসৰি কাম কৰিব।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ঘৃণাসূচক মন্তব্যৰ পাছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া। দেশৰ লগতে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চিত হৈ পৰিছে শৰ্মাৰ এই বিতৰ্কিত মন্তব্য। সাংবিধানিক পদত অধিষ্ঠিত মুখ্যমন্ত্ৰী এগৰাকীৰ এনে উদ্ভট মন্তব্যই ভাৰতৰ কূটনৈতিক সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে বুলি বহুতেই শংকা প্ৰকাশ কৰিছে।

Recent News

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd