২৩ হাজাৰ নিযুক্তি দিয়াৰ সময়তে অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উনুকিয়ালে পূৰ্বৰ প্ৰতিশ্ৰুতিৰ কথা

ৰাজ্য চৰকাৰে শনিবাৰে ২৩ হাজাৰ নিবনুৱা যুৱক-যুৱতীক ১১ টা বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰিলে।

তেনে সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনালে যদিও পূৰ্বতে বিধানসভাৰ পবিত্ৰ সদনত দিয়া এক প্ৰতিশ্ৰুতি মনত পেলাই দিলে।

এক ফেচবুক পোষ্টযোগে অখিল গগৈয়ে কয় “আপোনাক মনত পেলাই দিব খুজিছোঁ যে বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি আছিল ৩১মাৰ্চৰ, ২০২২ তাৰিখৰ ভিতৰত এক লাখ নিবনুৱাৰ নিযুক্তি সম্পূৰ্ণ কৰাৰ।এতিয়া ৩১মাৰ্চৰ, ২০২২ কেতিয়াবাই পাৰ হৈ গ’ল। কিন্তু নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰ চাৰি ভাগৰ এক অংশও সম্পূৰ্ণ হোৱা নাই।“

“মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নিশ্চয় মনত আছে, অসম বিধানসভাত নিযুক্তি সম্পৰ্কীয় প্ৰশ্ন কৰোতে মোক আপুনি এক লাখ নিবনুৱাৰ নিযুক্তিৰ সভাখনলৈ নিমন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু মঞ্চত মোৰ বাবেও এখন আসন থাকিব বুলি পৱিত্ৰ বিধানসভাত ঘোষণা কৰিছিল। সেই দিনটো কেতিয়া আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? সেই দিনটোৰ অপেক্ষাত ৰৈ আছো।আশাকৰোঁ অকল আজিৰ নিযুক্তিতেই নিযুক্তি শেষ নহ’ব”। অখিল গগৈয়ে লগতে কয়।

ইপিনে, অতি সোনকালে এক লাখ নিবনুৱাৰ নিযুক্তি সম্পূৰ্ণ কৰিব বুলি আশা কৰি অন্য এক প্ৰসংগ সোঁৱৰাই দি অখিল গগৈয়ে কয় “বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত ৫ বছৰত মুঠ দুই লাখ নিবনুৱাৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছে। নিশ্চয় পাঁচ বছৰৰ ভিতৰত দুই লাখ নিবনুৱাৰ নিযুক্তি আপোনাৰ চৰকাৰে সম্পূৰ্ণ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক এইটোও সোঁৱৰাই দিওঁ যে ২০১৬ চনৰ নিৰ্বাচনত আপুনি প্ৰতিশ্ৰুতি দিছিল যে অসমৰ ২৩ লাখ নিবনুৱাকেই আপোনালোকে কৰ্মসংস্থাপন দিব। ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো ২৩ লাখ নিবনুৱাক সংস্থাপিত কৰাৰ কথা কৈছিল। গতিকে ২২,৯৫৮ জনৰ নিযুক্তিতেই ‘নিযুক্তি আন্দোলন’ ৰ যাতে অন্ত নপৰে”।

তেওঁ আৰু লিখি কয় “বিজেপি চৰকাৰে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি যদিও এবছৰৰ ভিতৰত পূৰণ কৰিব নোৱাৰিলে, অতি সোনকালেই তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব। বিৰোধী বিধায়ক হিচাপে বা বিৰোধী দলৰ সভাপতি হিচাপে স্পষ্টভাৱে সোঁৱৰাই দিওঁ যে এক লাখ নিবনুৱাৰ নিযুক্তি আৰু তাৰ পৰৱৰ্তী অতিৰিক্ত আন একলাখ নিবনুৱাৰ নিযুক্তি যেতিয়ালৈকে সম্পূৰ্ণ নহ’ব তেতিয়ালৈ আমাৰ দাবী, প্ৰতিবাদ, আন্দোলন অব্যাহত থাকিব”।

ইপিনে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা এক লাখ চাকৰিৰ হিচাপ কোনেও ল’ব নালাগে বুলি সদৰী কৰি লগতে কয় “জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৭,৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সেইদৰে জুলাই মাহৰে শেষৰ সপ্তাহত অনুষ্ঠিত হ’ব ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা।“