Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

অৱশেষত শিৱসাগৰৰ দিচাংমুখ আজানপীৰ দৰগাহ তিনিআলি সংযোগী মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণত হোৱা অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

শুকুৰবাৰে নৰ্থইষ্ট নাওত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম সন্দৰ্ভত এক বাতৰি প্ৰকাশ হৈছিল। নৰ্থইষ্ট নাওৰ বাতৰিৰ পিছতেই একে দিনাই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তেওঁৰ ব্যক্তিগত সচিব তথা ৰাইজৰ দলৰ বিষয়ববীয়াক উক্ত পথ তথা মথাউৰিৰ কামৰ বুজ লবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক: Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

বিধায়কৰ প্ৰতিনিধিৰ দলটোৱে অফলাত উপস্থিত হৈ নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে মাটি খহি যোৱা অফলাৰ দুৰ্বল মথাউৰিটো পৰিদৰ্শন কৰাৰ লগতে জল সম্পদ বিভাগ, স্থানীয় ৰাইজ তথা ৰাইজৰ দলৰ কৰ্মী লগহৈ খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীৰে তথা অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা লোক নিৰ্মাণ বিভাগৰ পথটো ভালকৈ আৰু খৰতকীয়াকৈ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে দিচাংমুখৰ অফলা  আৰু আজানপীৰ দৰগাহ তিনিআলি সংযোগী মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত ২ কোটি ৩৯ লাখ টকা ধাৰ্য কৰিছিল।

লগতে পঢ়ক: Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

কিন্তু মথাউৰিৰ ওপৰত নিৰ্মিত পকী পথৰ কাম চলি থকাৰ সময়তেই বাৰিষাৰ বৰষুণৰ বাবে ঠায়ে ঠায়ে মথাউৰিৰ মাটি খহি পৰে। যাৰ বাবে ব্ৰহ্মপুত্ৰ মথাউৰিটোৰ প্ৰতি ভাবুকি সৃষ্টি হয়।

ইপিনে, ৰাইজে অভিযোগ কৰিছিল দুৰ্বল মথাউৰিটো প্ৰথমে সৱল নকৰি তাৰ ওপৰত পকী পথ নিৰ্মাণ কৰাত আৰু পথৰ দুয়োকাষে চাইড বাম নিৰ্মাণ নকৰাত ঠায়ে ঠায়ে মথাউৰিৰ মাটি খহি পৰিছে।

ৰাইজে দাবী কৰে যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দিচাংমুখ অফলা আৰু আজানপীৰ দৰগাহ তিনিআলি সংযোগী মথাউৰিৰ ওপৰত নিৰ্মিত পকী পথটো যাতে পৰিকল্পিতভাৱে আৰু উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে।