NORTHEAST NOW (Assamese)

আদালত চৌহদতে ১ মাৰ্চৰ পৰা কাৰাগাৰৰ ভিতৰত আমৰণ অনশনৰ হুংকাৰ অখিল গগৈৰ

February 25, 2020 1:19 pm · কল্পজ্যোতি শইকীয়া
Updated: February 25, 2020 3:24 pm
প্ৰতিনিধিত্বমূলক ছবি

১৪ দিনৰ ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত কৃষক নেতা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ আৰু বিতু সোণোৱালক আজি চান্দমাৰিৰ নিয়াৰ আদালতত হাজিৰ কৰোৱা হয়।

আজি গোচৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে, অহা ১ মাৰ্চৰ পৰা জেইলৰ ভিতৰতে আমৰণ অনশনত বহাৰ হুংকাৰ দিছে কৃষক নেতা অখিল গগৈয়ে। গগৈয়ে আদালত চৌহদতে এইদৰে হুংকাৰ দিয়ে।

ইপিনে, অসম চুক্তিৰ ৬ নং দফাৰ নামত চৰকাৰে জনসাধাৰণক টুপী পিন্ধাইছে বুলি মন্তব্য কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে।

জানিব পৰা মতে, শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে কৃষক নেতা অখিল গগৈ। জেইলৰ ভিতৰত চিকিৎসকে চিকিৎসা প্ৰদান কৰি আছে অখিলক।

মূৰ, দাঁত, হাত আৰু ভৰিৰ গাঁঠিৰ প্ৰচণ্ড বিষত কৃষক নেতা গৰাকী আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ NIA-ৰ আদালততে আছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতাকেইজন।

অখিল গগৈ আৰু অন্য নেতাসকলক আদালতত হাজিৰ কৰোৱাৰ সময়তে অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈ জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায় ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে।

 

Related News