“মুঠৰ ওপৰত কা বাতিল হ’বই লাগিব: জেইলত থাকিও অখিলৰ হুংকাৰ

CAA বলবৎ হ’লে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব : অখিল

“মুঠৰ ওপৰত কা বাতিল হ’বই লাগিব।” GMCH ত স্বাস্থ্য পৰীক্ষাৰ বাবে জেইলৰ পৰা অনাৰ সময়তে GMCH ত এইদৰে সংবাদ মাধ্যমৰ আগত হুংকাৰ দিয়ে কৃষক নেতা অখিল গগৈয়ে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল নহ’লে অসমীয়া জাতি ধ্বংস হ’ব বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “CAA বলবৎ হ’লে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব। এইটো ভয়ংকৰ সমস্যা, অসমীয়া জাতিৰ এক বৃহৎ প্ৰশ্ন।”

“গতিকে কা বাতিল কৰাব পাৰিবই লাগিব। এইবাৰ ২০২১ ত বিজেপিক পৰাভূত কৰিব লাগিব আৰু প্ৰথমখন কেবিনেটত কা বাতিলৰ প্ৰস্তাৱ লব পাৰিব লাগিব।”

ইপিনে, এই মাহৰ ভিতৰতে অখিল গগৈয়ে জেইলৰ পৰা ওলাব বুলি দাবী কৰি লগতে কয়, “তাৰ পাছত অসমবাসী ৰাইজক একত্ৰিত কৰি ২০২১ ত অসমবাসী ৰাইজৰ বাবে এখন চৰকাৰ গঠন কৰিম আৰু বিজেপিক উৎখাত কৰিম।”

আনহাতে, আজিৰ দিনটোতে পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় অখিলে।