NORTHEAST NOW (Assamese)

“বিজেপি চৰকাৰৰ দিনত ক’ৰ্ট কাছাৰিৰ প্ৰয়োজন নাই, মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জে’ললৈ পঠায়”-অখিল গগৈ

April 25, 2022 4:37 pm · এন ই নাও নিউজ,যোৰহাট
ফটো: নৰ্থইষ্ট নাও।

“বিজেপি চৰকাৰ দিনত ক’ৰ্ট কাছাৰিৰ প্ৰয়োজন নাই l বৰ্তমান চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জে’ললৈ পঠায় l” যোৰহাটত এই ভাষ্য দাঙি ধৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েl

অখিল গগৈয়ে লগতে কয়, “হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত তেওঁ গ্ৰেপ্তাৰ হোৱা হ’লে এনকাউন্টাৰ হ’লহেতেন। হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীও, গৃহ মন্ত্ৰীও, ডিজিপিও সকলো।‘’

লগতে পঢ়ক: আৰক্ষীৰ গৃহতে চোৰ! আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ পাছতো কিদৰে ভাইৰেল হ’ল উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত?

যোৰহাট আদালতত হাজিৰ হৈ অখিল গগৈয়ে মন্তব্য কৰে যে কা আন্দোলন মষিমূৰ কৰিবলৈকে অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল l অখিল গগৈয়ে কা বিৰোধী আন্দোলন পুনৰ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়l

উল্লেখ্য যে কা আন্দোলনৰ সময়ত যোৰহাটৰ পৰা গ্ৰেপ্তাৰ হোৱা অখিল গগৈয়ে আজি আদালতত হাজিৰ হ’বলগীয়া দিনটোত যোৰহাটত আহি উপস্থিত হয় l

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত ৩মাহত ৩গৰাকী মুখ্য ন্যায়াধীশ! দেশৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনে ঘটনা

ইপিনে, অখিল গগৈৰ অধিবক্তাই গোচৰটো ভুৱা বুলি ভাষ্য প্ৰদান কৰে l

Related News