• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

শীৰ্ষ ন্যায়ালয়ে মেঘালয় আৰক্ষীক নিৰ্দেশ দিছে যে সোণমক গ্ৰেপ্তাৰৰ মূল নথি-পত্ৰৰ স্পষ্ট আৰু পাঠযোগ্য প্ৰতিলিপি আদালতত দাখিল কৰিব লাগে, যাতে গ্ৰেপ্তাৰৰ সময়ত অভিযুক্তক সঠিকভাৱে কি কোৱা হৈছিল সেয়া বুজিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2026 4:26 pm
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰেপ্তাৰৰ মেমোত (Arrest Memo) কেৱল এটা টাইপিং ভুল বা ‘টাইপো’ (Typographical error)ৰ বাবেই কোনো হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো অবৈধ হৈ যাব পাৰেনে? সেই ভুলৰ ভিত্তিতে অভিযুক্তই জামিন লাভ কৰিব পাৰেনে? অতি শীঘ্ৰে এক অতি জটিল আৰু গুৰুত্বপূৰ্ণ আইনী প্ৰশ্নৰ সমাধান কৰিবলৈ ওলাইছে দেশৰ উচ্চতম ন্যায়ালয়ে।

বৃহস্পতিবাৰে ইংগিত দিয়া হৈছে যে এই সাংবিধানিক আৰু আইনী প্ৰশ্নটো প্ৰয়োজন হ’লে উচ্চতম ন্যায়ালয়ৰ বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰিব পাৰে।

Apply Now

মেঘালয়ত হানিমুনত থকা অৱস্থাত স্বামীক পাহাৰৰ পৰা পেলাই হত্যা কৰাৰ অভিযোগত অভিযুক্ত ইন্দোৰৰ বাসিন্দা সোণম ৰঘুবংশী। এই গোচৰত মেঘালয় উচ্চ ন্যায়ালয়ে আৰক্ষীয়ে প্ৰস্তুত কৰা গ্ৰেপ্তাৰৰ মেমোত আইনৰ ধাৰাটো ভুলকৈ লিখাৰ বাবেই সোণমৰ জামিন বাহাল ৰাখিছিল।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ শ্ৰীচন্দ্ৰশেখৰৰ বিভাগীয় বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ আঁৰৰ যুক্তি গভীৰভাৱে পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে শীৰ্ষ ন্যায়ালয়ে মেঘালয় আৰক্ষীক নিৰ্দেশ দিছে যে সোণমক গ্ৰেপ্তাৰৰ মূল নথি-পত্ৰৰ স্পষ্ট আৰু পাঠযোগ্য প্ৰতিলিপি আদালতত দাখিল কৰিব লাগে, যাতে গ্ৰেপ্তাৰৰ সময়ত অভিযুক্তক সঠিকভাৱে কি কোৱা হৈছিল সেয়া বুজিব পৰা যায়।

আদালতত মেঘালয় চৰকাৰৰ পক্ষত যুক্তি আগবঢ়াই দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই তীব্ৰ আপত্তি দৰ্শায়। তেওঁ যুক্তি দিয়ো যে গ্ৰেপ্তাৰৰ মেমোত ভুল ধাৰা উল্লেখ কৰাটো সম্পূৰ্ণভাৱে এটা কেৰাণীৰ ভুল (Clerical error)। কেৱল এই কাগজখনত কাৰিকৰী ভুলৰ ওপৰত ভিত্তি কৰিয়েই এটা নিৰ্মম হত্যাকাণ্ডৰ গোচৰত অভিযুক্তৰ গ্ৰেপ্তাৰ বাতিল বা জামিন প্ৰদান কৰিব নোৱাৰি।

আদালতত গোচৰটোৰ ভয়াবহতা তুলি ধৰি ছলিচিটৰ জেনেৰেলে কয় যে, “এয়া অতি গুৰুতৰ এটা গোচৰ। অভিযুক্তই দাবী কৰে যে তেওঁক গ্ৰেপ্তাৰৰ লিখিত কাৰণ দিয়া হোৱা নাছিল, আনহাতে নথি-পত্ৰত লিখা আছে যে গ্ৰেপ্তাৰৰ সময়ত তেওঁক সকলো কাৰণ দিয়া হৈছিল। কাগজখনৰ সৰু কাৰিকৰী ভুলৰ অজুহাতত ইমান ডাঙৰ এটা অপৰাধ ঢাকি ৰাখিব নোৱাৰি।”

তেওঁ লগতে কয়, “দম্পতীহাল হানিমুনৰ বাবে মেঘালয়লৈ গৈছিল। এইটো এটা শীতল মগজুৰ সুপৰিকল্পিত হত্যাকাণ্ড। অভিযুক্ত মহিলাগৰাকীয়ে স্বামীক এখন পাহাৰলৈ লৈ গৈছিল, হত্যা কৰি মৃতদেহটো দ খাৱৈত পেলাই দিছিল। এইটো এটা অতি জঘন্য অপৰাধ।”

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে গ্ৰেপ্তাৰৰ সময়ত গ্ৰেপ্তাৰৰ লিখিত কাৰণ দিয়াটো বাধ্যতামূলক নেকি আৰু সেই প্ৰক্ৰিয়াত কিবা ভুল হ’লে ইয়াৰ আইনী পৰিণতি কি হ’ব পাৰে সেই সম্পৰ্কে বিগত সময়ত উচ্চতম ন্যায়ালয়ৰেই কেইবাটাও পৰস্পৰ বিৰোধী ৰায় বা দৃষ্টান্ত আছে।

ন্যায়াধীশ মনোজ মিশ্ৰই কয় যে, “আমি এই বিষয়টো অতি গুৰুত্বসহকাৰে আৰু বিশদভাৱে বিবেচনা কৰিম। ইয়াক বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰাটো প্ৰয়োজনীয় নেকি সেইটোও আমি পৰীক্ষা কৰিম।” আদালতে মৌখিকভাৱে উল্লেখ কৰে যে উচ্চ ন্যায়ালয়ে সোণমক যি আইনী ভিত্তিত জামিন প্ৰদান কৰিছিল, সেই আইনী ভিত্তি যদি উচ্চতম ন্যায়ালয়ত নৰজে তেন্তে জামিনৰ নিৰ্দেশো বাতিল হৈ যাব।

ধাৰা ১০৩ৰ সলনি ৪০৩! আৰক্ষীৰ ভুলৰ বাবেই অভিযুক্ত ৰক্ষা পৰিল নেকি? এই সমগ্ৰ আইনী যুদ্ধ আৰম্ভ হৈছিল মেঘালয় উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পৰা। সোণম ৰঘুবংশীৰ জামিন বাহাল ৰখাৰ সময়তে উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছিল যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰৰ কাৰণ সঠিকভাৱে অৱগত কৰাত ব্যৰ্থ হৈছে। কেৱল সেয়াই নহয়, আৰক্ষীয়ে ‘বিচাৰবুদ্ধিহীনভাৱে’ কাম কৰিছিল। কাৰণ, আৰক্ষীয়ে হত্যাৰ অভিযোগত নতুনকৈ প্ৰণয়ন কৰা ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ‘১০৩(১)’ৰ সলনি ভুলকৈ গ্ৰেপ্তাৰ মেমোত ‘৪০৩’ ধাৰা লিখিছিল।

এই সৰু ভুলৰ সুযোগ লৈ নিম্ন আদালতে ২৭ এপ্ৰিলত সোণমক জামিন মঞ্জুৰ কৰে।তাৰ পিছত ২৯ জুনত মেঘালয় উচ্চ ন্যায়ালয়েও ৰাজ্য চৰকাৰৰ জামিন বাতিলৰ আবেদন খাৰিজ কৰে। ইয়াৰ পূৰ্বে ৩ জুলাইত উচ্চতম ন্যায়ালয়ৰ আন এখন বিচাৰপীঠেও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি সোণমৰ বিবাহ হৈছিল ইন্দোৰস্থিত ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ সৈতে। যোৱা বছৰৰ মে’ মাহত তেওঁলোকে মেঘালয়ৰ বিখ্যাত পৰ্যটনস্থলী চোহৰা (চেৰাপুঞ্জী) পৰিদৰ্শন কৰিবলৈ গৈছিল। ২৩ মে’ত হঠাৎ নিৰুদ্দেশ হয় দম্পতীহাল। তাৰ পিছত ২০২৫ চনৰ ২ জুনত আৰক্ষীয়ে ৰাজা ৰঘুবংশীৰ উৱলি যোৱা মৃতদেহটো দ খাৱৈৰ পৰা উদ্ধাৰ কৰে।

তদন্তৰ অন্তত তদন্তকাৰীসকলে গম পায় যে এইটো কোনো দুৰ্ঘটনা নহয়। অভিযোগ অনুসৰি স্বামীক ছুপাৰী কিলাৰ বা ভাড়াতীয়া হত্যাকাৰীৰ সহায়ত পাহাৰৰ পৰা পেলাই দি হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল সোণমে। এই ঘটনাত বিগত বৰ্ষৰ জুন মাহত সোণম আৰু প্ৰেমিকসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd